newsnextone.com| কাকপথাৰঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তী বৰডিৰাক গোঁসাই গাঁৱৰ পৰা এগৰাকী দ্বিতীয় শ্ৰেণীৰ ছাত্ৰীক অৰুণাচলী লোকে অপহৰণ কৰি নিয়াৰ পাছত আৰক্ষীয়ে এমাহ  ধৰি কোনো শুংসুত্ৰ উলিয়াব নোৱাৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে স্থানীয় দল-সংগঠন আৰু স্থানীয় ৰাইজে অসম-অৰুণাচল সংযোগী ৫২(১৫) নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা সোনজান মাধৱপুৰ তিনিআলি অৱৰোধ কৰি  প্ৰতিবাদ সাব্যস্ত কৰে। 

সদৌ মৰাণ ছাত্ৰ সন্থা ডিৰাক আঞ্চলিক সমিতি আৰু ডিৰাক গোঁসাই গাঁও যুৱক সংঘৰ উদ্যোগত আৰু স্থানীয়া ৰাইজৰ সহযোগত কৰা পথ অৱৰোধ ফলত অসম-অৰুণাচলৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে। 

উল্লেখযোগ্য যে, বৰডিৰাক গোসাই গাঁৱৰ বেনাই মহন্ত নামৰ লোকজনৰ ৮ বছৰীয়া কন্যা ববী মহন্তক চক্লেট দি বজাৰৰ পৰা চেণ্ডেল কিনি দিয়াৰ প্ৰলোভন দি এজন অৰুণাচলী লোকে যোৱা ১১ জুলাইত অপহৰণ কৰি নিছিল। নিজকে অৰুণাচলৰ চাংলাং জিলাৰ ডায়ুনৰ চাকমা বুলি পৰিচয় দিয়া লোকজনে মাজে সময়ে গাওঁলৈ অহা যোৱা কৰিছিল। 

জানিব পৰা মতে, ১০ জুলাই মঙলবাৰে বিয়লি বেনাই মহন্তৰ ঘৰলৈ আহি অচিনাক্ত লোকজনে নিশাটোৰ বাবে আশ্ৰয় বিচাৰিছিল। অজলা খেতিয়ক বেনাই মহন্তই নিশাটোৰ বাবে আশ্ৰয় দিয়া অৰুণাচলী লোকজনে পিছদিনা পূৱা ঘৰত পিতৃৰ অনুপস্থিতিৰ সুযোগ লৈ কণমানি ছোৱালীজনীক ফুচুলাই বজাৰলৈ বুলি লৈ যায়। ইয়াৰ পিছত বিয়লিলৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰাত লোকজনে অপহৰণ কৰাটো নিশ্চিত হয়। 

পৰিয়ালৰ লোকে পোৱা খবৰ অনুসৰি, এখন ব'লেৰ' পিক্ আপ গাড়ীত তুলি ডিৰাক গেট হৈ অৰুণাচলৰ দিশে লোকজনে অপহৰণ কৰি নিছিল। ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত বৰডুমচা অাৰক্ষীক পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিলেও ত্ৰিশ দিন অতিক্ৰম কৰাৰ পাছতো কণমানিজনিৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম নোহোৱাত অাৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ বৃহস্পতিবাৰে পুৱাৰে পৰা অনিৰ্দিষ্টকালিন পথ অৱৰোধ কাৰ্যসুচী অাৰম্ভ কৰে যদিও অৱৰোধস্থলীত তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱব্ৰত মৰাণ আৰু মাৰ্ঘেৰিটা ৰাজহ চক্ৰ বিষয়া ৰাকেশ ছেত্ৰী উপস্থিত হৈ তিনিদিনৰ ভিতৰত সন্ধান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পথ অৱৰোধ সাময়িকভাবে স্থগিত ৰখা হয়। 

প্ৰতিবাদকাৰীয়ে ৰাজহ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ শীঘ্ৰে অপহৰণকাৰীক কৰায়ত্বৰ কৰি উচিত শাস্তি বিহাৰ দাবী জনায় অন্যথা অনাগত ভৱিষ্যতত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।