খাৰুপেটীয়াঃ খাৰুপেটীয়াত উদণ্ড চালকে প্ৰাণ ললে এটি শিশুৰ৷

দৰং জিলাৰ খাৰুপেটীয়াত AS-O1-GC-4333 নম্বৰৰ তীব্ৰবেগী ছাফাৰীয়ে আশ্ৰাফুল ইছলাম নামৰ শিশুটোক মহটিয়াই নিয়াৰ ফলত শিশুটোৰ থিতাতে মৃত্যু হয়৷

শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজিত হৈ পৰে ৰাইজ৷ চালকক মাৰধৰ কৰাৰ লগতে গাড়ীখনৰো ক্ষতিসাধন কৰে৷