newsnextone.com | তামুলপুৰঃ সোমবাৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত সাধাৰণ শ্ৰেণীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি অসমৰ অন্যতম জনগোষ্ঠী কলিতা জনগোষ্ঠীৰ  জাতী.সংগঠনে মঙলবাৰে ৰাজ্যৰ কেইবাঠাইত প্ৰতিবাদ সাব্যস্ত কৰে। 

কেইটামান বিশেষ শ্ৰেণীৰ বাবে সুবিধা প্ৰদান কৰি সাধাৰণ শ্ৰেণীক পুনৰবাৰ বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি সদৌ অসম কলিতা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। কলিতা জনগোষ্ঠীৰ তামুলপুৰ সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ন'গান দি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। 

সাধাৰণ শ্ৰেনীৰ লোকক বঞ্চিত কৰি অ'বিচি লোকৰ চৰকাৰী চাকৰীৰ বয়সৰ সীমা ৪৭ বছৰলৈ বৃদ্ধি কৰাকে ধৰি সাধাৰণ শ্ৰেণীৰ বাবে কেবিনেটত একো সিদ্ধান্ত নোলোৱাত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই তামুলপুৰ ঘগ্ৰাচকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে। 

সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই অ'বিচি আৰু এমঅ'বিচিৰ  দৰে সাধাৰণ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতো চৰকাৰী চাকৰিৰ বয়সৰ সীমা ৪৭ বছৰ বয়সলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ দাবী জনায় অন্যথাই এনে বৈষম্যৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি কয়। 

 প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, সাধাৰণ শ্ৰেণীক প্ৰতাৰণা কৰা বন্ধ কৰক, কেবিনেটৰ সিদ্ধান্ত বাতিল কৰক, কলিতা জনোগোষ্ঠী ছাত্ৰ সন্থা জিন্দাবাদ আদি ধ্বনিৰে ঘগ্ৰাচক উত্তাল কৰি তোলে। প্ৰতিকৃতি দাহ কাৰ্যসূচীত সদৌ কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভাস্কৰ কলিতা, সাংগঠনিক সম্পাদক  পাৰ্থ প্ৰতিম বৰুৱা, উপ-সভাপতি অবিনাশ কলিতা,  সম্পাদক ৰত্নেশ্বৰ কলিতা,  সদৌ বাক্সা জিলা কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধৰণ সম্পাদক নয়ন ডেকা উপস্থিত থাকে।