বৰপেটাঃ ১১ জনলৈ বৃদ্ধি হ’ল বৰপেটা মেডিকেল কলেজৰ কেচুৱাৰ মৃত্যুৰ সংখ্যা৷ ৬০ ঘন্টাৰ ভিতৰত ১১টা কৈ কেচুৱাৰ মৃত্যু হয় বৰপেটা মেডিকেল কলেজত৷ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বুধবাৰে নিশাৰে পৰা এতিয়ালৈ ১১টা কৈ কেচুৱাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয়৷ আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে এতিয়ালৈ ১১টা কৈ শিশু মৃত্যু মুখত পৰে৷ বৰপেটা মেডিকেল কলেজ কাণ্ডৰ প্ৰতিবাদ জনাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে দল-সংগঠনে৷

দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিভিন্ন ঠাইৰ লগতে বৰপেটা জিলাৰ গুমাফুলবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্য বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷

বৰপেটাৰ গুমাফুলবাৰী আৰু বহৰি আঞ্চলিক সমিতিয়ে গুমাফুলবাৰী মাদ্ৰাছা চেন্টাৰত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি চলি থকা ব্যাপক অনিয়ম, দুৰ্নীতি, বিশেষজ্ঞ চিকিৎসকৰ অভাৱ, অত্যাধুনিক সা-সাৰঞ্জামৰ অভাৱৰ লগতে চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ আৰু একাংশ চিকিৎসক-বিষয়া-কৰ্মচাৰীৰ অৱহেলা আৰু গাফিলতিৰ বাবেই ৰাইজে উপযুক্ত চিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ আহিছে বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে।

যাৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত একেদিনাই ১১ জনকৈ নৱজাতকৰ মৃত্যু হোৱা ঘটনাই জিলাখনৰ লগতে ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই ঘটনাৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাৰ দাবী জনায়।

অসম চৰকাৰ হায় হায়, স্বাস্থ্য বিভাগ হায় হায়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ কৰক, চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষ হায় হায়, বৰপেটা চিকিৎসা মহাবিদ্যালয়ত হৈ থকা দুৰ্নীতি-অনিয়ম বন্ধ কৰক, প্ৰয়োজনীয় আন্তঃগাথঁনিৰ ব্যৱস্থা কৰক, উচ্চ পৰ্যায়ৰ তদন্তৰে দোষীক কঠোৰ শাস্তি দিয়ক, আদি শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে আকাশ বতাহ কঁপাই তোলে৷ ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘটনাক গুৰুত্ব সহকাৰে লোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে৷

বৰপেটা মেডিকেল কলেজত বুধবাৰে নিশা ৬টা শিশুৰ মৃত্যু হোৱাৰ লগতে বৃহস্পতিবাৰে পুৱা মৃত্যু হয় আন এটি শিশুৰ৷ ৬০ ঘন্টাৰ ভিতৰত ১১টা কৈ শিশুৰ মৃত্যু হোৱাৰ পিছতে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি হয়৷ বৰপেটা মেডিকেল কলেজ যোৱা ৬০ ঘন্টাত একপ্ৰকাৰ যমপুৰীলৈ পৰ্যবসিত হৈছে। বৰপেটা মেডিকেল কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ দিলীপ কুমাৰ দত্তই বৃহস্পতিবাৰে চিকিৎসালয়ৰ গাফিলতিত কেচুৱা কেইটাৰ মৃত্যু হোৱা নাই বুলি স্পষ্ট কৰে৷

সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে অহা বুলিও কয়৷ আনহাতে চিকিৎসালয়ৰ গাফিলতিৰ বাবে কেচুৱা কেইটাৰ মৃত্যু হোৱা বুলি অভিযোগ কৰে ৰাইজে৷ বুধবাৰে নিশা মৃত্যু হয় ৫টি নৱজাতকৰ আৰু বৃহস্পতিবাৰে পুৱা পুনৰ মৃত্যু হয় আন তিনিটা শিশুৰ। বৃহস্পতিবাৰে বিয়লি পুনৰ তিনিটা কেচুৱাৰ মৃত্যু হয়৷ এতিয়ালৈ ১১টা কৈ শিশুৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যত৷ স্মৰ্তব্য যে, উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বাবা ৰাঘৱ দাস মেডিকেল কলেজ হস্পিতালত অক্সিজেনৰ যোগান বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত ৪৮ ঘণ্টাত মৃত্যুমুখত পৰিছিল ৬০টিকৈ শিশু। এই ঘটনাৰ পুনৰাবৃত্তি হ’ব ওলাইছে নেকি অসমত৷ এয়াই লাখটকীয়া প্ৰশ্ন৷