newsnextone.com | মাজুলীঃ বিজেপি চৰকাৰৰ অসম বিৰোধী কাৰ্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ দল-সংগঠনে৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ অব্যাহত ৰাখিছে৷ 

জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ 

৭ মে’ত মহানগৰীৰ খানাপাৰাত যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধৰণে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ অসমৰ জাতীয় দল-সংগঠন, কন্ঠশিল্পী, অভিনেতা, বুদ্ধিজীৱী, ব্যৱসায়ী, সাংবাদিক, কবি, সাহ্যিক ছাত্ৰ, কণ কণ ছাত্ৰ-ছাত্ৰী সকলোৱে এই বিধেয়কৰ বিৰুদ্ধে থিয় দিছে৷

সদৌ অসম কবি সন্মিলনে এই বিধেয়কক বিৰোধিতা কৰিছে৷ সদৌ অসম কবি সন্মিলনৰ মাজুলী জিলা সমিতিয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি উপায়ুক্তক স্মাৰকপত্ৰ দাখিল কৰে শুকুৰবাৰে৷

মাজুলী জিলাৰ গড়মূৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ত মাজুলী জিলা কবি সন্মিলনৰ প্ৰায় ডেৰকুৰি প্ৰতিনিধি উপস্থিত হৈ জিলা উপায়ুক্তক জৰিয়তে ভাৰত চৰকাৰক স্মাৰক প্ৰদান কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে৷

মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকা, উপ-সভাপতি মিনতি শইকীয়া আৰু সাংগঠনিক সম্পাদক ৰমেশ শইকীয়াই উপায়ুক্তগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে৷ উপায়ুক্তক স্মাৰকপত্ৰ দাখিল কৰাৰ লগতে জিলা কবি সন্মিলনে যুক্তিও প্ৰদৰ্শন কৰে৷ অসমীয়া জাতিৰ ভাষা আৰু সংস্কৃতি সুৰক্ষাৰ স্বাৰ্থত এই বিধেয়কখন বাতিল কৰিবলৈ দাবী জনাই আৰু সদৌ অসম কবি সন্মিলনৰ ন্যায্য দাবী বুলিও স্মাৰকপত্ৰত উল্লেখ কৰে৷ 

বিধেয়কখনৰ বিৰোধৰ পাঁচটা মুল যুক্তি দিয়ে কবি সন্মিলনেঃ

►অসমৰ ভাষিক গাঁথনিত ই বিৰূপ প্ৰভাৱ পেলাব আৰু থলুৱা জনগোষ্ঠীসমূহৰ যোগাযোগৰ প্ৰধান মাধ্যম অসমীয়া ভাষাটো সংকটাপন্ন কৰিব৷
 
►অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ আৰ্থ-ৰাজনৈতিক অধিকাৰ সংকুচিত কৰি প্ৰৱজিত বিদেশীৰ প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰৰ বাট সুগম হৈ পৰিব৷ যাৰ ফলত, থলুৱা নাগৰিকৰ জাতি-মাটি-ভেটিৰ জন্মগত স্বাধিকাৰ খৰ্ব হ’ব৷

►বিধেয়কখনৰ বলৱৎ কৰিলে অসমীয়া জাতিৰ জাতীয় স্বাভিমানস্বৰূপ অসম চুক্তি ধুলিস্যাত কৰাৰ লগতে ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটোক সমুলঞ্চে বিনষ্ট কৰিব৷

►ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কৰণস্বৰূপ অসমৰ বহু বৈচিত্ৰ্য সাংস্কৃতিক স্বকীয়তাক প্ৰস্তাৱিত বিধেয়কখনে নিঃশেষ কৰি পেলাব৷ যাৰ ফলত, বিপন্ন হৈ পৰিব অসমীয়া-ভাষীৰ লগতে পাহাৰে-ভৈয়ামে বসবাস কৰি অহা প্ৰতিটো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য-সংস্কৃতি আৰু জাতীয় বিকাশৰ সপোন৷

►ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ জৰিয়তে ভাষা-ধৰ্ম নিৰ্বিশেষে ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশাৰ পিছত অসমত অবৈধভাৱে প্ৰৱেশ কৰা সকলো বিদেশী নাগৰিকক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ যি প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াটোকে বিধেয়কখনে মষিমূৰ কৰি পেলাব আৰু এখন বিদেশীমুক্ত অসমৰ বাবে থলুৱা জাতি-জনগোষ্ঠীসমূহৰ আশা-আকাংক্ষাক বিধ্বস্ত কপি পেলাব৷ 

সেয়ে এই জাতিধ্বংসী ষড়যন্ত্ৰৰ দৰে বিধেয়কখনৰ বিৰোধিতা কৰি ইয়াক পৰিহাৰ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই৷ হাজৰিকাই অসমৰ সমূহ জনগণক বিধেয়কখনৰ বিৰোধিতা কৰিবৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়৷