newsnextone.com | মাজুলীঃ শনিবাৰে দক্ষিণপাট গৃহস্থী সত্ৰ প্ৰাংগনত বৃহত্তৰ দক্ষিণপাট অঞ্চল সামৰি মাজুলী জিলা কবি সন্মিলনৰ দ্বাৰা দক্ষিণপাট শাখা কবি সন্মিলন গঠন কৰা হয়। দক্ষিণপাট অঞ্চলৰ প্ৰায় দুকুৰি কবি-সাহিত্যিক, সমাজ-সংগঠক, শিক্ষক-শিক্ষয়িত্ৰী আৰু কাব্যপ্ৰেমী-কাব্যানুৰাগীৰ উপস্থিতিত দক্ষিণপাট গৃহস্থী সত্ৰৰ সত্ৰীয়া জনাৰ্দন দেৱ গোস্বামীয়ে সভাপতিত্ব কৰা শাখা সমিতি গঠনৰ সভাখনৰ আঁত ধৰে সু-লেখিকা লখিমী শইকীয়া বৰা আৰু মাজুলীৰ জেষ্ঠ সাংবাদিক দিবাকৰ শইকীয়াই। 

দুয়োজন কৃৰ্তীমান সাহিত্যিক-সাংবাদিকে মত প্ৰকাশ কৰি কয় যে সদৌ অসম কবি সন্মিলনৰ দ্বাৰা বিশেষকৈ সকলো অঞ্চলৰ কবি আৰু অনুৰাগীসকলক একেখন মঞ্চত বহুৱাবলৈ যি প্ৰচেষ্টাৰ অংশ হিচাপে দক্ষিণপাটত শাখা কবি সন্মিলনৰ আয়োজন কৰিছে সেয়া দক্ষিণপাটবাসীৰ বাবে অতি আদৰণীয় আৰু জিলা কবি সন্মিলনৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ যোগ্য। 

দক্ষিণপাটত নৱ গঠিত শাখা সমিতিখনৰ দ্বাৰা নৱ প্ৰজন্মক বিশেষ সুবিধা প্ৰদান কৰিব। সভাখনৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই মাজুলী জিলাৰ অন্যতম সমাজ-সংগঠক, সু-শিক্ষক, মাজুলী জিলাৰ জেষ্ঠ নাগৰিক ৰোহিত কলিতাই। ৰমানন্দদেৱ গোস্বামী সংস্কৃত বেদ পাঠশালাৰ ছাত্ৰবৃন্দৰ দ্বাৰা পৰিবেশিত এটি সু-মধুৰ ভজন পৰিবেশনৰ পিছতে দক্ষিণপাট শাখা কবি সন্মিলনখনিৰ বিষয় বাছনি কৰা হয়। 

সেই অনুসৰি, শাখাটিত জনাৰ্দন দেৱ গোস্বামীক সভাপতি, উপ-সভাপতি হিচাপে দিবাকৰ শইকীয়া, সম্পাদক হিচাপে ৰোহিত কলিতা, সহকাৰী সম্পাদক হিচাপে ৰাজেন কলিতা আৰু মনস্বৃতা গোস্বামী, ধন ভৰাঁলী হিচাপে লখিমী শইকীয়া বৰা, প্ৰচাৰ সম্পাদক হিচাপে চিদাম  বৰা, সাংগঠনিক সম্পাদক হিচাপে প্ৰশান্ত শইকীয়া, কাৰ্যনিৰ্বাহক সদস্য হিচাপে জিতুমণি শইকীয়া আৰু জ্যোতিমণি বৰাৰ নাম প্ৰস্তাৱ আৰু সমৰ্থনৰ দ্বাৰা মনোনয়ন কৰি সমিতিখন গঠন কৰা হয়। 

সভাই এজন উপ সভাপতি, পত্ৰিকা সম্পাদক আৰু তিনিজন কাৰ্যনিৰ্বাহক সদস্যৰ নাম বৰ্ধিত সভা গঠন কৰি নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে। দক্ষিণ পাটবাসীৰ প্ৰচেষ্টাত নৱ নিৰ্বাচিত দক্ষিণপাট শাখা কবি সন্মিলনখনি গঠন কৰাৰ বাবে মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই কয় যে কবিতাৰ সংবৰ্ধন আৰু কাব্য শিল্প সাধনাৰ উপযোগী ক্ষেত্ৰ এখন নিৰ্মাণ কৰি সভাই  দক্ষিণপাটত যি কবি সন্মিলনৰ শাখা সমিতি গঠন কৰি এখন মঞ্চ নিৰ্মাণ কৰিলে তাৰ বাবে সকলো পক্ষকে জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ওলগ জনোৱা হ'ল।

সদৌ অসম কবি সন্মিলনৰ সাংবিধানিক নিয়মাৱলী আৰু শাখা সমিতিৰ কৰণীয় দিশসমূহো জিলা সমিতিৰ সম্পাদকজনে সভাত দাঙি ধৰে। সমজুৱা একাষাৰত সাংবাদিক দিবাকৰ শইকীয়াই এটি মনোজ্ঞ আলোচনা আগবঢ়াই কয় যে বৃহত্তৰ দক্ষিণাটৰ পূৱে অফলামুখ, ২ নং কঢ়ালগাঁও,পশ্চিমে চুমৈমাৰী, উত্তৰে ঔ-ডুবি আৰু দক্ষিণে দক্ষিণপাট কৈৱৰ্ত গাঁও সামৰি কেউটা দিশৰ সকলো সাহিত্যানুৰাগীকে নৱ গঠিত শাখা সমিতিখনে বৌদ্ধিক উত্তৰণ ঘটাবলৈ সক্ষম হওঁক আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা অব্যাহত ৰাখক।

ইয়াৰ পিচতে কবিতা পাঠ আৰু আবৃত্তি অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণৰ কৰি কবি জনাৰ্দন দেৱ গোস্বামী, লখিমী শইকীয়া বৰা, জয়ন্ত হাজৰিকা, মনস্বৃতা গোস্বামী আৰু ভালেসংখ্যক কাব্যপ্ৰেমীয়ে স্ব-ৰচিত কবিতা পাঠ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। সভাপতি জনাৰ্দন দেৱ গোস্বামীৰ আশাবাদী আৰু গঠনমূলক পৰামৰ্শৰ সভাপতি ভাষণ আগবঢ়োৱাৰ পিছত শলাগৰ শৰাই আগবঢ়াই ৰাজেন কলিতাই। 

জিলা সমিতিৰ সম্পাদক জয়ন্ত হাজৰিকাৰ দ্বাৰা সকলোৱে সদৌ অসম কবি সন্মিলনৰ সামৰণি মন্ত্ৰ-গীত পৰিৱেশন কৰাৰ অন্তত সভাপতিয়ে সভাখনৰ সামৰণি পেলায়।