চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী মহিলা সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ 'কাঁচা ঘামেৰ ভিজা আঁচল' উন্মোচন 

কাজিৰঙা:  ভাষা নাথাকিলে এটা জাতি কেতিয়াও জীয়াই নাথাকে৷ যি সময়ত মানুহৰ উত্তৰণৰ বাবে কৰ্ম কৰা উচিত, ঠিক তেনে সময়ত জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ বাবে আজি অহৰ্নিশে কচৰৎ কৰি থকা হৈছে। অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ অসমতো যেন নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত ব্ৰতী হৈছে বিভিন্ন জন। এনে প্ৰেক্ষাপটত নিজৰ জাতি সুৰক্ষিত কৰিবৰ হেতু প্ৰত্যেকেই নিজৰ মাটি-ভেটিক সুৰক্ষা প্ৰদান কৰাৰ সমান্তৰালভাৱে নিজৰ আইৰ মুখৰ ভাষা জীয়াই ৰাখিব লাগিব। ভাষা নাথাকিলে এটা জাতি কেতিয়াও জীয়াই নাথাকে।

আজি যুক্তি দিৱসৰ দিনা অসমৰ চাহ জনগোষ্ঠীৰ প্ৰথম গৰাকী মহিলা সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৰ 'কাঁচা ঘামেৰ ভিজা আঁচল' উন্মোচন কৰি এইদৰে কয় বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতীয়ে। তাঁতীয়ে কয় যে স্বাধীনতাৰ সাত দশকৰ পাছতো সকলো দিশতে পিছপৰি থকা চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিভা আজিও লুকাই আছে। কিন্তু, এইখিনি খুচুৰি উলিয়াই সম্পদলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ যেন আহৰি নাই কোনো পক্ষৰে।

সকলো পক্ষ ওলাই আহিলেহে চাহ জনগোষ্ঠীৰ লগতে আন আন পিছপৰা জাতি-জনগোষ্ঠীৰ লোকসকলৰ উত্তণ ঘটিব, সমান্তৰালকৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি উঠিব। আজিও ঘৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ হৈ থাকে চাহ জনগোষ্ঠীৰ মহিলা সকল। কিন্তু, চাহ বাগিচাৰ লাইনত থাকিও সাহিত্যিক পেঞ্চনাৰ পদুমী গাজলুৱে ১৯৭৬ চনতে পশ্চিম বংগৰ শান্তি নিকেতনত অধ্যয়ন কৰিবলৈ যোৱাটো অত্যন্ত গৌৰৱৰ বিষয় বুলিও অভিমত ব্যক্ত কৰে।

আনহাতে, বৃহত্তৰ অসমীয়া জাতিৰ অংশীদাৰ চাহ জনগোষ্ঠীৰ লোকসকলে নিজৰ কলা-কৃষ্টি আগবঢ়াই নিবৰ বাবে কচৰৎ কৰিবৰ বাবেও সাহিত্যিক গৰাকীয়ে আহ্বান জনায়। অনুষ্ঠানৰ আঁত ধৰি পদুমী গাজলুৰ 'কাঁচা ঘামেৰ ভিজা আঁচল'ৰ সম্পাদনা কৰা যুৱ সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই কয় যে সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ এক ভিন্ন বৈশিষ্টৰে পৰিপুষ্ট বিভিন্ন জাতি-উপজাতিৰ লোকৰে সহাৱস্থান কৰা অসমৰ চাহ শিল্পৰ লগত জড়িত এই চাহ জনগোষ্ঠীয় লোকসকলৰ উৎসৱ-পৰম্পৰাই বহু কথাই কৈ যায়।

দৰিদ্ৰ আৰু অপুষ্টিত ভূগি থকা উৰিষ্যা, ঝাৰখণ্ড, ছত্তিশগড়, পশ্চিমবংগ আদি অঞ্চলৰ জনজাতীয় দলিত লোকসকলক বৃটিছে আমদানি কৰি চাহ উদ্যোগৰ বনুৱা হিচাপে নিয়োজিত কৰাৰ দুশ বছৰৰ পাছতো এই সকল লোক শোষণৰ ভৰত জৰ্জৰিত। ক্ষুধাৰ তাড়ণাত চাহ শ্ৰমিক হিচাপে কৰ্ম কৰা এইসকল লোক অসমৰ সমাজ, অৰ্থনীতি, ৰাজনীতি, সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰাৰ পাছতো চৰকাৰী পৃষ্ঠপোষকতাত চলোৱা অৰ্থনৈতিক শোষণ তথা পৰিচয় সংকটত বিধ্বস্ত এই বৃহত্তৰ জনগোষ্ঠীটো।

অৰ্থনৈতিক উদাৰীকৰণ তথা বিশ্বায়নৰ ধামখুমীয়াত আন্ধাৰ ভৱিষ্যতলৈ গতি কৰা অসমৰ অন্যান্য জনজাতি সমূহৰ সমান্তৰালভাৱে চাহ জনগােষ্ঠীয় লোকসকলো ইমানেই শােষিত যে বর্তমানেও তেওঁলােক অসমত জনজাতিৰ তালিকাভুক্ত হোৱাৰ পৰা বঞ্চিত। শেহতীয়া ভাৱে শাসকীয় চৰকাৰখনে আন পাঁচটা জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীটোৰ লোকসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিলেও সেয়া যে কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাদে আন একো নহয়, সেয়া ইতিমধ্যেই জলজল-পটপট হৈ পৰিছে।

এনে সময়তে অসমৰ এগৰাকী সাহিত্যিক, শিল্পী পদুমী গাজলুৰ বহুকেইটা প্ৰৱন্ধৰ একত্ৰিত ৰূপ কাঁচা ঘামেৰ ভিজা আঁচলে সমাজ জীৱনলৈ এক সুস্থ বতৰা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকি কস্তুৰী প্ৰকাশনৰ স্বতাধিকাৰে এই গ্ৰন্থখনি উন্মোচন কৰি উৎসাহিত হৈছে বুলি উল্লেখ কৰি অসমৰ সমাজ জীৱনৰ স'তে একাত্ম হ'ব বিচৰা প্ৰত্যককে গ্ৰন্থখনি পঢ়িবলৈ আহ্বান জনায়।

অপৰিসীম প্রেম তথা অসীম শক্তিৰ আধাৰ হিচাপে গণ্য কৰা নাৰী মূৰ্তিক বিভিন্ন দেৱীৰ ৰূপত পূজা কৰি মৰ্যদা প্ৰদান কৰাৰ চেষ্টা কৰে চাহ জনগোষ্ঠীৰ লোকসকলে। আনহে নালাগে উৎপাদনশীল কৰ্মৰপৰা সমাজৰ অর্ধেক অংশ জনসমষ্টি নাৰীক আঁতৰত ৰাখি গৃহবন্দী কৰাৰ ফলত সমস্ত অধিকাৰৰ পৰা বঞ্চিত হোৱাত নাৰীক পুৰুষতান্ত্ৰিক সমাজৰ দাসত্ব স্বীকাৰ কৰিবলৈ বাধ্য কৰোৱা সামগ্ৰিক সমাজ ব্যৱস্থাৰ বিপৰীতে চাহ জনগোষ্ঠীৰ মহিলাসকলে কৰা কচৰতে সমাজত প্ৰতিষ্ঠা কৰে সমতাৰ অধিকাৰৰ ছবি চিত্ৰায়িত হৈছে বুলি উল্লেখ কৰে পদুমী গাজলুৱে।

ইফালে, পৰম্পৰা জীয়াই ৰখাৰ যোগেদি সামাজিক ঐক্য, সংহতি একত্ৰিত হোৱাৰ ইংগিত দিয়া চাহ জনগোষ্ঠীয় লোকসকলৰ কচৰৎ তথা সীমাহীন দুখ-বেদনাৰ ইংগিত বহন কৰা পদুমী গাজলুৰ গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানত,

উপস্থিত থাকি বিশিষ্ট লেখক-সাহিত্যিক তৰুণ ৰাজখোৱা, অৱসৰপ্ৰাপ্ত প্ৰৱক্তা পুতুলী খাউণ্ড, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, ৰাজ্যিক বঁটাপ্ৰাপ্ত শিক্ষক নিজৰা বৰঠাকুৰ, কবি কল্পনা চেতিয়া, কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, অসম চাহ মজদূৰ সংঘৰ কাৰ্য নিৰ্বাহক কপিলাচ তাঁতীকে বিভিন্ন গৰাকী বিশিষ্ট লোক উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

অনুষ্ঠানতে মেহনতী জনতাৰ সংগ্ৰাম মিশ্ৰিত হৈ থকা ঝুমইৰ গীত পৰিৱেশন কৰে অনাতাঁৰ শিল্পী, শিল্পী পেঞ্চনাৰ নুনুসিং কৰ্মকাৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ প্ৰাকক্ষণত কাশ্মীৰ কাণ্ডত শ্বহীদ হোৱা বীৰ শ্বহীদসকলক শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।