newsnextone.com | কোকৰাঝাৰঃ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত কেন্দ্ৰত চাৰি বছৰ আৰু ৰাজ্যত দুবছৰীয়া কাৰ্যকালৰ বৰ্ষপূৰ্তি উপলক্ষে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে ৰাজ্যিক বিজেপিৰ নিৰ্দেশত বিভিন্ন শিতানত ৰূপায়ন কৰা উন্নয়নমূলক আঁচনিৰ ৰূপয়নৰ ক্ষতিয়ান দাঙি ধৰে৷ এক বিবৃত যোগে কোকৰাঝাৰ জিলাৰ ৰাজ্যিক পেনেলিষ্ট তথা অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মইও কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিতানৰ উন্নয়নমূলক কাম কাজৰ দিশসমূহ উল্লেখ কৰি আঁচনিসমুহৰ সফল ৰূপায়নৰ বিষয়ে জানিবলৈ দিয়ে৷

সেইমৰ্মে কোকৰাঝাৰ জিলাত কেন্দ্ৰীয় আঁচনি এমএচডিপি'ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৪৪ টা আঁচনিৰ বাবে ৬ কোটি ৬১ লাখ ৯৩ হাজাৰ টকা আৱণ্টন দিয়া হয়৷ একেদৰে কেন্দ্ৰীয় আঁচনি এমএলএডি (এল/এচ)ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৫৩ টা আঁচনিৰ বাবে ৩ কোটি ৮৮ লাখ ৬০ হাজাৰ টকা আৰু এমপিএলইডি (আৰ/এচ) ৰ জৰিয়তে ১০ টা আঁচনিৰ বাবে এক কোটি ৬৫ লাখ টকা আৱণ্টন দিয়া হয়৷ সেইদৰে অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত কোকৰাঝাৰ জিলাত বিভিন্ন আঁচনিৰ বাবে ধন আৱণ্টন দিয়া হয়৷ 

তাৰে ভিতৰত ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ বাবে আনটাইড ফাণ্ডৰ জৰিয়তে মুঠ ২৯ খন আঁচনিৰ বাবে ৬ কোটি ৬৮ লাখ টকা আৱণ্টন দিয়া হয়৷ ৰাজ্যিক আঁচনি এমএলএএৰ জৰিয়তে ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষলৈ ১৯৫ খন আঁচনিৰ বাবে ৬ কোটি টকা আৰু এছএলএইচআৰআইডি আঁচনিৰ বাবে ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ লৈ ১,৬৮১ গৰাকী হিতাধিকাৰীলৈ ৩ কোটি টকা আৱণ্টন দিয়া হয় বুলি বিবৃতি যোগে জানিবলৈ দিছে অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মই৷ উল্লেখ্য যে, অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হ’বলগীয়া ১৯ খন কৰ্কট ৰোগ নিৰাময় চিকিৎসালয়ৰ ভিতৰত কোকৰাঝাৰ জিলাতো এখন কৰ্কট ৰোগ নিৰাময় চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলিও বিবৃতি যোগে জানিবলৈ দিছে ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্ম আৰু কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰীয়ে৷