♦ আধাৰুৱা কাম-কাজৰ খতিয়ান ল'বলৈ পৰীক্ষণ সমিতি গঠন

কোকৰাঝাৰঃ কোকৰাঝাৰ বডোফা নগৰৰ বি টি চি পৰিষদীয় ভৱনত বুধবাৰে বি টি চিৰ এদিনীয়া শীতকালীন অধিৱেশন সম্পন্ন হয়।

পুৱা দহ বজাৰপৰা আৰম্ভ হোৱা বি টি চিৰ শীতকালীন অধিৱেশনত পৰিষদৰ সমূহ সদস্য উপস্থিত থাকে।এঘন্টাৰ প্ৰশ্নোত্তৰৰ কালছোৱাত পৰিষদীয় সদস্যসকলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ দতমা পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্মই যোৱা ২০১৩-১৪ বিত্তীয় বৰ্ষৰ গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মিয়মান দতমাৰ কাৰ্বজা পকী দলংখন আজিলৈকে কিয় সম্পূৰ্ণ নহ'ল বুলি প্ৰশ্ন উত্থাপন কৰাত বি টি চিৰ গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে ২০১৩ চনৰপৰা ২০১৫ চনলৈকে পি ডব্লিউ ডি, পি এন আৰ ডি আৰু চি ডি বিভাগৰ অধীনত বি টি এ ডিত বহু উন্নয়নমূলক কাম-কাজ ধৰা হৈছিল যদিও কিছু কাম আধাৰুৱা হৈ আছে।

আধৰুৱা হৈ থকা কাম-কাজৰ প্ৰকৃত খতিয়ান ল'বলৈ ইতিমধ্যে এক পৰীক্ষণ সমিতি গঠন কৰা হৈছে আৰু উক্ত পৰীক্ষণ সমিতিক আধাৰুৱা কাম-কাজ পৰ্যবেক্ষণ কৰি ৰিপৰ্ট দাখিল কৰিবলৈও নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা অব্যাহত থকাৰ সময়তে সাংবাদিকৰ এক প্ৰশ্নোত্তৰত বি পি এফ দলৰপৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬০ শতাংশ প্ৰাৰ্থীয়ে বিজয়ী হ'ব বুলি দাবী কৰিছে হাগ্ৰামা মহিলাৰীয়ে।