কোকৰাঝাৰঃ কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ত বৃহস্পতিবাৰে সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিটিচি সচিবালয়ৰ গ্ৰাউণ্ড ফ্লৰত থকা বেটেৰী ৰখা চেম্বাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত কোঠাটোত থকা বেটাৰীসমুহ ভষ্মীভূত হোৱাৰ লগতে কোঠালীটোৰ ব্যাপক ক্ষতিসাধন হয়। অগ্নিকাণ্ডত ৫৬টা বেটাৰী, ইউপিএছ আৰু বৈদ্যুতিক তাঁৰ জ্বলি যায়। 

মাজনিশা সংঘটিত হোৱা দুৰ্ঘটনা চৰ্ট চাৰ্কিটৰ বাবেই সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে৷ পুৱাহে বিটিচি কৰ্তৃপক্ষ অগ্নিকাণ্ডৰ ঘটনাটো দৃষ্টিগোচৰ হয়। উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা কোঠালীটোৰ থিক ওপৰত অৰ্থাৎ দ্বিতীয় মহলাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কাৰ্যালয় অৱস্থিত যদিও সেয়া দৈৱক্ৰমে ৰক্ষা পৰে। অধিক ব্যাপক হাৰত অগ্নিকাণ্ডই বিস্তাৰ লাভ নকৰাৰ পৰিণতিতে দৈৱক্ৰমে বিটিচি সচিবালয় ৰক্ষা পৰাত সকলোৱে স্বস্তিৰ নিশ্বাস পেলায়।