কোকৰাঝাৰঃ অসমত কোচ ৰাজবংশী বুলি কোনো জাতি নাই ৷ কোচ ৰাজবংশী এটা কৃত্ৰিম সংমিশ্ৰিত গোষ্ঠীহে ৷ তেওঁলোকৰ ভাষাও প্ৰব্ৰজিত ৰংপুৰীয়া ভাটিয়া বাংলা ৷ আজি পুনৰাই এক বিবৃতিযোগে এই অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷

বডোলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকৰী সভাপতি দাউৰাও দাখ্ৰেব নাৰ্জাৰীয়ে বিবৃতিত উল্লেখ কৰা মতে পূৰ্বতে সন্থাই কোচ ৰাজবংশী সকলৰ ইতিহাস ভাষা-সংস্কৃতি বিশ্ব দৰবাৰত লৈ যোৱাৰ বাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীয়ে চলোৱা প্ৰচাৰ অভিযানক সমালোচনা কৰিছিল আৰু তাৰ প্ৰত্যুত্তৰত আক্ৰাছুৱে জনজাতি সুৰক্ষা মঞ্চক উভতি ধৰাটো সন্থাৰ দৃষ্টিগোচৰ হৈছে। 

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকৰ পদ দখল কৰি আৰু অসমীয়া ভাষা পদানত কৰি পৰমানন্দ ৰাজবংশীয়ে ৰংপুৰীয়া ভাটিয়া বাংলা ভাষাকহে গুৰুত্ব দিলে অসমীয়া ভাষাৰ প্ৰতি সংকট আহিব বুলি মঞ্চই পূৰ্বে অভিযোগ কৰা কাৰ্যক আক্ৰাছুৰ নেতাসকলে মঞ্চৰ বিৰুদ্ধে নানা কটু সমালোচনা কৰাত জাঙুৰ খাই উঠিছে মঞ্চৰ সভাপতি জনকলাল বসুমতাৰী আৰু কাৰ্যকৰী সভাপতি দাউৰাও দাখ্ৰেব নাৰ্জাৰীয়ে ৷

আজি পুনৰাই এক বিবৃতিযোগে মঞ্চৰ নেতাদ্বয়ে কোচ ৰাজবংশীসকলৰ ইতিহাস অধ্যয়ন কৰিবলৈ আক্ৰাছুৰ নেতা সকলক আহ্বান জনাইছে৷ কোচবিহাৰৰ মেচ ৰজা দৰেন্দ্ৰ নাৰায়নক ভূটীয়াসকলে বন্দী কৰি ভূটানলৈ লৈ যায় আৰু বেংগল দুৱাৰ আৰু অসম অঞ্চলৰ পৰা কৰ লৈ গৈ স্থানীয় মেচসকলকহে কৰ আদায়ৰ দায়িত্ব দিছিল বুলি উল্লেখ কৰি নৌনগৰৰ ৰিপু মৌজা সীতানাথ ব্ৰহ্ম চৌধুৰীৰ  পিতামহ কাল্লাক চিদলী, বিজনী অভয়াপুৰী মৌজাতো জাউলীয়া দেৱান, বিৰগৌশ্ৰী আদিক বৃটিছে কৰ আদায়ৰ দায়িত্ব দিছিল ৷

বৃটিছে এই অঞ্চলক দখল কৰিব বিচৰাত চিদলী, বিজনী, অভয়াপুৰী মৌজাক বৃটিছৰ পৰা ৰক্ষা কৰিবলৈহে উল্লেখিত বড়ো ৰাজ বিষয়া দুগৰাকীয়ে যুদ্ধ কৰিছিল হুলি বিবৃতিত উল্লেখ কৰে। জাউলীয়া দেৱানে চিদলী আক্ৰমন কৰা বুলি আক্ৰাছুৰ নেতা সকলে কোন ইতিহাসত পালে বুলি জনজাতি সুৰক্ষা মঞ্চৰ নেতাদ্বয়ে প্ৰশ্ন কৰে৷

আক্ৰাছুৰ নেতা সকলে অভিযোগ কৰাৰ দৰে বড়ো সকল ব্ৰহ্ম আৰু খৃষ্টান হোৱা নাই বৰঞ্চ বড়ো সকলৰ নিজস্ব ইতিহাস আছে বুলি স্পষ্ট কৰি দি নামধাৰী কোচ ৰাজবংশী সকলে হে ক্ৰমাগতভাৱে নিজৰ গোষ্ঠী সলনি কৰি আহিছে বুলি অভিযোগ কৰিছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চই ৷ সেয়ে কোচ ৰাজবংশীসকলে প্ৰথমে নিজৰ ইতিহাস ৰাজহুৱা কৰি কমতাপুৰ ৰাজ্য দাবী কৰিবলৈ প্ৰত্যাহ্বান জনাইছে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতাদ্বয়ে ৷