নগাঁওঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটায় নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰি সমবায় সমিতিৰ নিৰ্বাচন বাতিল কৰে প্ৰশাসনে৷ অহা ৮ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল সমবায়খনৰ নিৰ্বাচন৷ শনিবাৰে নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছিল৷ 

কিন্তু newsnextone.comত যোৱা ২৭ মাৰ্চত কটহগুৰি সমবায় সমিতিৰ সভাপতিৰ চূড়ান্ত মইমতালি, পুনৰ ক্ষমতাত থকাৰ লোভত গোপনে নিৰ্বাচন পতাৰ ফন্দি’ শীৰ্ষক এটি বাতৰি প্ৰকাশ হোৱাৰ পিছতেই মনোনয়ন পত্ৰ দাখিলৰ দিন তথা নিৰ্বাচনৰ তাৰিখ বাতিল কৰিবলৈ বাধ্য হয় সংশ্লিষ্ট কৰ্তৃপক্ষ৷ 

এতিয়া নতুনকৈ নিৰ্বাচন আৰু সাধাৰণ সভাৰ দিন অহা ২২ এপ্ৰিলত নিৰ্ধাৰণ কৰি ইয়াৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ অহা ১১ এপ্ৰিল বুলি ঘোষণা কৰা হৈছে৷ প্ৰকাশ যে, কটহগুৰি সমবায় সমিতিৰ বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলাৰ হেতু নতুন সমিতি গঠনৰ বাবে সাধাৰণ সভা আৰু নিৰ্বাচনৰ তাৰিখ থিৰাং কৰা হৈছিল অহা ৮ এপ্ৰিলৰ দিনটো৷ 

কিন্তু এই নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম সমবায় আইনৰ সঠিক প্ৰয়োগৰ পৰা বিৰত থাকি সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্বাচনৰ বিষয়ে ৰাইজ তথা সমবায়খনৰ সকলো অংশীদাৰক অৱগত নকৰি গোপনে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা বুলি স্থানীয় একাংশ ৰাইজে তীব্ৰ আপত্তি জনাই বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে জিলা উপায়ুক্তক নিৰ্বাচন বাতিল কৰাৰ দাবী জনাই লিখিত অভিযোগো দাখিল কৰিছিল৷ 

ৰাইজৰ মাজত সমবায়খনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদ আৰু দাবীৰ বিষয়ে সবিশেষ newsnextone.comত বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতেই বিভাগীয় কৰ্তৃপক্ষই তাৎক্ষণিকভাবে নিৰ্বাচন বাতিল কৰে৷ 

তদুপৰি ৰাইজৰ দাবীৰ প্ৰতি সহাঁৰি জনাই বিভাগীয় কৰ্তৃপক্ষই অসম সমবায় আইন-২০০৭ অধীনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অহা ২২ এপ্ৰিলৰ দিনটো ঘোষণা কৰাৰ লগতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১১ এপ্ৰিল নিৰ্ধাৰণ কৰে৷ আনহাতে স্থানীয় প্ৰশাসনে নিকা নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি কয়৷ কাজেই, ৰাইজৰ পক্ষত থাকি এনে সত্য-শুদ্ধ বাতৰি পৰিবেশনেৰে উধ্বৰ্তন কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰোৱা এনে কাৰ্যৰ বাবে স্থানীয় ৰাইজে newsnextone.comক কৃতজ্ঞতা যাচে৷