newsnextone.com ।। মৰিগাঁওঃ বিশিষ্ট সাংবাদিক,সু-লেখক তথা মানব অধিকাৰ কৰ্মী কুলদীপ নায়াৰৰ মৃত্যুত সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ মৰিগাঁও জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। আজুৰ মৰিগাঁও জিলা সমিতিয়ে প্ৰখ্যাত সাংবাদিক জনৰ আত্মাৰ সদগতিৰ অৰ্থে আজি সন্ধ্যা মৰিগাঁও চহৰৰ মাজমজিয়াত এক বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

জিলা আজুৰ সাধাৰণ সম্পাদক সীমান্ত ৰাভাই আঁত ধৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আজুৰ সভাপতি প্ৰণৱ কুমাৰ ভট্টাচাৰ্যই। উক্ত অনুষ্ঠানটিত মৰিগাঁও জিলাৰ আজুৰ সমূহ কৰ্মকৰ্তাৰ লগতে মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ললিত পাচনি,সম্পাদক ৰন্টু কুমাৰ ডেকা,মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ ভাৰপাপ্ত সম্পাদক মৃগাংক মেধি সহ বহুসংখ্যক লোকে অংশ লয়।