dhananjaynath
dhananjaynath

newsnextone.com | কোকৰাঝাৰঃ ২০১৭ চনৰ ১ আগষ্টত অৰ্থ্যাৎ আজিৰ দিনটোতে কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ তিতাগুৰীৰ এখন টাইলচৰ দোকানত দিন দুপৰতে গুলিয়াই হত্যা কৰিছিল ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদক। হত্যাকাণ্ডই এবছৰ পূৰ্ণ কৰিলে যদিও আজিও হত্যাকাৰী কৰায়ত্ব নহল ৷ ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ পিছত বিভিন্ন দল-সংগঠনৰ তীব্ৰ হেচাঁত চৰকাৰে দোষীক কৰায়ত্ব কৰাৰ বাবে প্ৰথমে এছআইটি গঠন কৰে যদিও পিছত লাফিকুল হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পন কৰিছিল। 

লাফিকুল হত্যাকাণ্ডৰ গোচৰ চিবিআইক হস্তান্তৰ কৰাৰ পিছত বিভিন্ন দল-সংগঠন, সাধাৰণ জনতা আৰু পৰিয়ালে লাফিকুলৰ হত্যাকাৰী শীঘ্ৰেই আটক হ'ব বুলি আশা কৰিছিল যদিও লাফিকুল ইছলাম হত্যাকাণ্ডৰ এবছৰ পিছতো দোষী কৰায়ত্ব নোহোৱাত প্ৰকৃততে লাফিকুল হত্যাকাণ্ড যে এক ৰাজনৈতিক ষড়যন্ত্ৰ আছিল সেয়া দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে।

 লাফিকুল ইছলাাম আহমেদৰ প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে বুধবাৰে এবিএমছুৰ উদ্যোগত কোকৰাঝাৰৰ ভোটগাঁৱত ছাত্ৰ সংহতি দিৱস উদযাপন কৰে। কোকৰাঝাৰ সদৰ চহৰৰ পৰা ৫ কিলোমিটাৰ নিলগৰ ভোটগাঁও হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ছাত্ৰ সংহতি দিৱসত প্ৰচণ্ড ৰদকো নেওচি হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰে ৷ 

ছাত্ৰ সংহতি দিৱস উপলক্ষে এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই অংশগ্ৰহণ কৰি কয় যে লাফিকুল ইছলাম আহমেদ কেৱল বিটিচিৰ শোষিত, নিষ্পেষিত, নিপীড়িত আৰু সংখ্যালঘু মুছলমানৰে নেতা নাছিল বৰং সমগ্ৰ অসমৰ জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ আপোন আৰু নৱপ্ৰজন্মৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ এগৰাকী শক্তিশালী ছাত্ৰ নেতা আছিল ৷ 

প্ৰতিবন্ধকতা, প্ৰত্যাহ্বান আঁতৰ কৰাৰ বাবেই দিনদুপৰতে শক্তিশালী প্ৰতিবাদী কন্ঠৰ অধিকাৰী ছাত্ৰ নেতাগৰাকীক গুলিয়াই হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰি নিতুমণি শইকীয়াই লাফিকুল ইছলামৰ বৰ্ধিত প্ৰভাৱ বহুতৰ বাবেই ভাবুকিস্বৰূপ আৰু প্ৰত্যাহ্বান হৈ পৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে। নিতুমণি শইকীয়াই ইয়াৰোপৰি কোনোবাই হয়তো প্ৰয়াত ছাত্ৰ নেতাগৰাকীক নিজৰ পকেটত ৰাখিব বিচাৰিছিল যদিও ৰাখিব পৰা নাছিল আৰু সেয়েহে প্ৰতিবন্ধকতা-প্ৰত্যাহ্বান আতঁৰ কৰাৰ স্বাৰ্থতে দিনদুপৰতে শক্তিশালী প্ৰতিবাদী কন্ঠৰ অধিকাৰী ছাত্ৰ নেতাগৰাকীক হত্যাৰ বলি হ'ল বুলি বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই মন্তব্য আগবঢ়ায়৷

ভোটগাঁও হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা ছাত্ৰ সংহতি দিৱসত উপস্থিত থাকি এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কোকৰাঝাৰ তিনিটা ছাত্ৰ সংগঠন ক্ৰমে এবছুৰ সভাপতি শ্বামলা বসুমতাৰী, আছাৰ সভাপতি বস্কো চেৰামকো আৰু এবিএমছুৰ সভাপতি লাফিকুল ইছলাাম আহমেদ দুষ্কৃতিকাৰীৰ হাতত নিহত হ'ল যদিও আজিও তিনিওটা হত্যাকাণ্ডৰে ন্যায় প্ৰদান নকৰিলে চৰকাৰে। এয়া অতি দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে।

 ইপিনে ছাত্ৰ সংহতি দিৱসত অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড ৰাজনৈতিক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে। 

আনহাতে এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰে নিজৰ ভাষণত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই এবছৰ পূৰ্ণ কৰিলে যদিও আজিলৈ ন্যায় নোপোৱাত আক্ষেপ প্ৰকাশ কৰে। এয়া চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা আৰু ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। লাফিকুলৰ হত্যাকাৰী কৰায়ত্ব নোহোৱা পৰ্যন্ত এবিএমছু ক্ষান্ত নহয় বুলি স্পষ্ট কৰি দি লাফিকুল ইছলাম আহমেদ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷ সেইমৰ্মে অহা ৬ আগষ্টত বৰমাৰ কদমতলত তিনি ঘন্টীয়া পথ অৱৰোধ, ২১ আগষ্টত ৰাজভৱনত দুইঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী আৰু ৩ ছেপ্তেম্বৰত বিটিচিৰ দুই জিলাত ৰে'লপথ অৱৰোধ কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 

 ইপিনে ছাত্ৰ সংহতি দিৱসত অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই লাফিকুল হত্যাকাৰীক এবছৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক ঘটনা বুলি মন্তব্য প্ৰকাশ কৰে। ছাত্ৰ সংহতি দিৱসত আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, বিশিষ্ট সাংবাদিক মনজিৎ মহন্তকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ তদুপৰি ছাত্ৰ সংহতি দিৱসত নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথ, এবিএমছুৰ কোকৰাঝাৰ জিলা মুখ্য উপদেষ্টা জবান আলি আকন্দ, জিলা সভাপতি জাইদুল ইছলাম আৰু আক্ৰাছুকে ধৰি কেবাটাও ছাত্ৰ সংগঠনৰ নেতা উপস্থিত থকাৰ লগতে বিটিএডিৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক জনতা উপস্থিত থাকে।