লখিমপুৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আটকাআধীন সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰা  সহ সতীৰ্থ সকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত অৱস্থান ধৰ্মঘট 

লখিমপুৰঃ আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিয়ে জিলা সদৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ।

উল্লেখযোগ্য  যে সদৌ অসম ছাত্ৰ সন্থা আৰু ত্ৰিশটা জনগোষ্ঠীয় সংগঠনে যোৱা ইংৰাজী ৮-১-২০১৯ তাৰিখে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ  সাধাৰণ সম্পাদক মহেন বৰা সহ সতীৰ্থ সকলক প্ৰৰোচনামূলক ভাৱে গোলাঘাট চহৰৰ পৰা গোলাঘাট আৰক্ষীয়ে আটক কৰে। 

উক্ত আটকাআধীন সংগ্ৰামী সতীৰ্থসকলক বিনাচৰ্তে মুক্তিৰ দাবীত আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লখিমপুৰ জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা সদৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট  পালন কৰাৰ লগতে জিলা উপযুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰন কৰি আহ্বান তেওঁলোকৰ দাৱী পুৰন কৰিবলৈ জনায় অন্যথা অনাগত দিনত ইয়াতকে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি কয় ।