newsnextone.com৷ তেজপুৰঃ ‘আৰক্ষীৰ জিম্মাত মোক হত্যা কৰিব বিচাৰিছিল । এদল যুৱকে আৰক্ষীৰ চকুৰ সন্মুখতে মাৰ পিট কৰাৰ পিছতো মোক কোনো নিৰাপত্তা দিবলৈ মানুহ নোলাল।’ এইয়া এজন ভুক্তভোগীৰ ভাষ্য। তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত লালমাটি আৰক্ষী চকী কিমান সুৰক্ষিত। আৰক্ষী চকীত আৰক্ষীয়ে আটক কৰি অনা যুৱকক কিদৰে প্ৰহাৰ কৰে আপুনি দেখিলে আচৰিত হ’ব। 

উল্লেখ্য যে তেজপুৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত হজৰা পাৰৰ এটা কোঠাৰ ভিতৰত  দুগৰাকী ছাত্ৰী দুজন যুৱকৰ সৈতে অসংযত অৱস্থাত থকাত স্থানীয় ৰাইজে আটক কৰি লালমাটি আৰক্ষী চকীত চমজাই দিয়ে। আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আৰক্ষী চকীত ৰখাৰ কালত একাংশ যুৱকে আৰক্ষী চকীত প্ৰৱেশ কৰে। আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে গোচৰটোৰ সম্পৰ্কত সোধ পোচ কৰি থকাৰ সময়তে যুৱকৰ দলটোৱে আৰক্ষীয়ে আটক কৰা যুৱকজনক মাৰ পিট কৰে। আৰক্ষীয়ে সাধাৰণ ভাৱে বাধা দিয়ে যদিও যুবকৰ দলটোৱে নিজকে মৰেল পুলিচগীৰি দেখুৱাই মাৰপিট কৰে। আৰক্ষী চকীৰ জনৈক বৰদলৈ উপাধি ধাৰী ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ চকুৰ সন্মুখত এনে দৰে মৰেল পুলিচ গীৰি কৰি মাৰপিট কৰাৰ পিছত আটকাধিন যুৱক জনে আৰক্ষীৰ জিম্মাত প্ৰহৃত হৈ মাৰপিট কৰা যুৱকৰ দলটোক তেওঁক মাৰি পেলাবলৈ চিঞৰি চিঞৰি আহ্বান জনায় ।

আৰক্ষীৰ জিম্মাত থকা আচামী এনেদৰে মৰেল পুলিচৰ মাৰপিট কৰা ঘটনাক সৰ্বত্ৰে চৰ্চিত হৈছে। বাতৰিটো সংবাদ মাধ্যমত বিয়পি পৰাৰ পিছত আজি ভুক্তভোগী যুৱক জনে অতি কৰুণ ভাৱে ঘটনাৰ কথা ক’লে সংবাদ মাধ্যমৰ ওচৰত ।