লংকাঃ হোজাই জিলাৰ লংকাত বন বিভাগৰ অভিযানত জালত পৰিল অবৈধ ভাৱে বালি কঢ়িওৱা ট্ৰাক৷ লংকাত অবৈধ কাঠ, শিল-বালুৰ ব্যৱসায় চলি থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে লংকাৰ কাকীত বন বিভাগে অবৈধ ভাবে বালি কঢ়িযায় অনা এখন বালি ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

চালানবিহীন ভাৱে লংকাৰ খাৰিখানাৰ পৰা বালি কঢ়িয়াই আনিছিল ট্ৰাক খনে৷ AS-02-AC-8085 নম্বৰ ট্ৰাকখন  কাকী বন বিভাগে জব্দ কৰিছে বুলি জানিব পৰা গৈছে৷ বনবিভাগক দৈনিক মেনেজ কৰি অবৈধ ভাৱে বালি সৰবৰাহ কৰাৰ অভিযোগ স্বীকাৰ কৰে ট্ৰাক চালকে৷