লংকাঃ নামণি অসমৰ খেতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰঙৰ খাৰুপেটীয়াত ২০১১ চনৰ ১০ অক্টোবৰত কৃষকে উৎপাদিত ফচলৰ উচিত মুল্য বিচাৰি প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ গুলিত প্ৰাণ দিব লগা হৈছিল৷ তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰিব ওলাই আহিছিল আৰু তাৰে চাৰি কৃষক উৎপাদিত ফচলৰ উচিত মুল্য পোৱাৰ সলনি চিৰদিনৰ বাবে শুই পৰিছিল।
২০১১ চনতে চৰকাৰে কৃষকৰ উপাদিত সামগ্ৰীৰ উচিত মুল্য দিয়াৰ বাবে চৰকাৰে শীতলীকৰণ গৃহৰ লগতে কৃষকৰ সামগ্ৰী উচিত মুল্য দি কিনাৰ প্ৰতিশ্ৰুতি দিছিল৷ তৰুণ গগৈয়ে সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে কিয়নো কৃষকে আজিও উৎপাদিত সামগ্ৰিৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ’দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য নোপোৱাত আজিও ক্ষোভিত ৰাজ্যৰ কৃষক৷