লংকাঃ নামণি অসমৰ খেতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দৰঙৰ খাৰুপেটীয়াত ২০১১ চনৰ ১০ অক্টোবৰত কৃষকে উৎপাদিত ফচলৰ উচিত মুল্য বিচাৰি প্ৰতিবাদ কৰিবলৈ আহি আৰক্ষীৰ গুলিত প্ৰাণ দিব লগা হৈছিল৷ তদানীন্তন তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ কৃষকে প্ৰতিবাদ কৰিব ওলাই আহিছিল আৰু তাৰে চাৰি কৃষক উৎপাদিত ফচলৰ উচিত মুল্য পোৱাৰ সলনি চিৰদিনৰ বাবে শুই পৰিছিল।

২০১১ চনতে চৰকাৰে কৃষকৰ উপাদিত সামগ্ৰীৰ উচিত মুল্য দিয়াৰ বাবে চৰকাৰে শীতলীকৰণ গৃহৰ লগতে কৃষকৰ সামগ্ৰী উচিত মুল্য দি কিনাৰ প্ৰতিশ্ৰুতি দিছিল৷ তৰুণ গগৈয়ে সেই প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে কিয়নো কৃষকে আজিও উৎপাদিত সামগ্ৰিৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দেহৰ ঘাম মাটিত পেলাই ৰ'দ বৰষুণ কাটি কৰি কৃষকে উৎপাদন কৰা ফচলৰ উচিত মুল্য নোপোৱাত আজিও ক্ষোভিত ৰাজ্যৰ কৃষক৷

নতুন চৰকাৰ খনেও কৃষকৰ সমস্যাক গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ বিজেপি নেতৃত্বাধীন চৰকাৰ খনে যোৱা ১৬ মাহত কৃষকৰ উৎপাদিত সামগ্ৰীৰ উচিত মুল্য দিয়াৰ কোনো ব্যৱস্থা কৰা দেখা নাযায়৷ তৰুণ গগৈৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ চৰকাৰ একেই পথেৰে আগবঢ়াত অধিক চিন্তিত হৈ পৰিছে কৃষকসকল৷ শাক-পাঁচলি, মৰাপাট আদি উৎপাদনৰ কৰা ৰাজ্যৰ কৃষকে উৎপাদিত সামগ্ৰী পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে৷ হাজাৰ হাজাৰ টকা খৰছ কৰি উৎপাদন কৰা ফচল পশুধনৰ খাদ্য কৰিব লগা হয়৷

বিক্ৰীৰ অভাৱত পেলাই দিব লগা হয় উৎপাদিত ফচল৷ কৃষকৰ উৎপাদিত ফচল চৰকাৰে ক্ৰয় নকৰাৰ লগতে শীতলীকৰণ গৃহ নথকাত অবাবতে কৃষকৰ ফচল সমূহ নষ্ট হয়। আজিও ৰাজ্যৰ কৃষকে মৰাপাট পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে৷ লৰা-ছোৱালীৰ কাপোৰ-কানি, স্কুল কলেজৰ খৰছ, বেমাৰ-আজাৰ আদিকে ধৰি সকলো খৰছৰ বাবে উৎপাদিত ফচলৰ ওপৰতে ৰাজ্যৰ খেতিয়কসকল নিৰ্ভৰশীল৷

তেনেক্ষেত্ৰত উৎপাদিত ফচলৰ বজাৰমুল্য নোহোৱা হলে কৃষকসকল ক্ষুব্ধ হৈ উঠাটো তেনেই স্বাভাৱিক কথা৷ মুৰৰ ঘাম মাটীত পেলাই দিনৰ দিনটো সুৰুযটো মুৰত লৈ খেতিয়কে খেতি কৰে। আনন্দত খেতি চপায়। কিন্তু শেষত যেতিয়া সেই খাদ্যশস্য বজাৰ পায়গৈ, তেতিয়া পানীৰ দামতে বিক্ৰী কৰিব লগা হয় সেই খাদ্যশস্য। পাইকাৰী খাদ্যশস্য, পাচলি, ফল-মূল আদি বজাৰত পানীৰ দামত এনেদৰে বিক্ৰী কৰি দিবলগা হোৱাত মুৰে-কপালে হাত দিবলগীয়া হৈছে বৰ্তমান অসমৰ ক্ষুদ্ৰ খেতিয়কসকলে।

কঠোৰ পৰিশ্ৰমৰ মূল্য আৰু আনুষাংগিক ব্যয়খিনিও লাভ কৰিবলৈ সক্ষম নোহোৱাৰ কৃষকে উচিত মূল্যতো বাদেই, বৰঞ্চ লোকচানৰ সমুখীন হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে কেৱল খৰুপেটীয়া বা বৰপেটা ৰোডেই নহয়, সমগ্ৰ ৰাজ্যৰে বিভিন্ন স্থানত কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ অতি কম দৰতে কিনিবৰ বাবে বহিৰাগত বণিক গোষ্ঠীয়ে একপ্ৰকাৰ কৃষকক বাধ্য কৰাই৷ একে পৰিস্থিতিৰ সৃষ্টি হৈছে হোজাই জিলাৰ লংকাত। লংকাৰ বৃহত্তৰ নখুঁটি অঞ্চল হালধি খেতিৰ বাবে ৰাজ্যৰ ভিতৰতে বিখ্যাত।

নখুঁটিৰ ৮০ শতাংশ লোকেই হালধি খেতিৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। এই অঞ্চলৰ পৰাই বছৰি হাজাৰ হাজাৰ টন হালধি ৰাজ্যৰ বাহিৰলৈ ৰপ্তানি হয়। বৰ্তমান সময়ত নখুটিৰ চৌপাশ হালধিৰ লহপহীয়া পাতেৰে সেউজীয়া হৈ পৰিছে। মাজত মাত্ৰ কেইটামান মাহ। তাৰ পাছতে ব্যস্ততা বাঢ়িব অঞ্চলটোৰ কৃষক ৰাইজৰ। অঞ্চলটোৰ ভূমি হালধি খেতিৰ বাবে অধিক উপযোগী হোৱা হেতুকে কৃষকে কেৱল হালধি খেতিতেই অধিক মনোনিৱেশ কৰিবলগীয়া হয়।

ফলত অধিক উৎপাদিত হালধি কৃষকে বজাৰ দৰতকৈ বহু কম দামত বিক্ৰী কৰিবলগীয়া হয়। পৰিয়াল পোহপাল দিয়াৰ একমাত্ৰ ভৰসা উৎপাদিত হালধিখিনি সময়ত অতি কম দামত বিক্ৰী কৰিবলগীয়া হয়৷ দেহৰ ঘাম মাটিত পেলাই অঞ্চলটোৰ কৃষক ৰাইজে যাতে উচিত বজাৰ মূল্য লাভ কৰাৰ আশাপুহি ৰাখিছে৷ চৰকাৰক উচিত মুল্য দিয়াৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে কৃষকসকলে। প্ৰত্যেক বছৰেই কম দৰত বিক্ৰী কৰিবলগা হোৱা এনে বাতাবৰণ সৃষ্টি কৰা বণিক গোষ্ঠীকো চৰকাৰী নীৰিক্ষণত ৰখাৰ দাবী জনাইছে কৃষকে।