তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ তেতেলিগুড়ি-কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মইনাও পূজাই ৭২ বছৰত ভৰি দিলে৷ ৫ অক্টোৱৰৰ পৰা ১১ অক্টোৱৰলৈ সাতদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও পূজা ব্যাপক উলাহ-মালহেৰে অনুষ্ঠিত হৈছে।

সাত দিনীয়া বৰ্ণিল কাৰ্যসুচীৰে অনুষ্ঠিত পূজা থলীত সাত দিনৰ বাবে অসমৰ কেবাটাও আগশাৰীৰ গ্ৰন্থ বিপনীৰ উপস্থিতত গ্ৰন্থ মেলাৰ আয়োজন কৰা হৈছে৷ অঞ্চলটোত গ্ৰন্থ অধ্যয়নৰ সংস্কৃতি গঢ়াৰ লক্ষ্যৰে এই প্ৰয়াস কৰিছে পূজা সমিতিয়ে।

৭২ বছৰীয়া তেতেলিগুড়ি- কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও পূজা  তামুলপুৰীয়া ৰাইজৰ সম্প্ৰীতি, সমন্বয় আৰু উচাহৰ স্বকীয়তা বহন কৰি আহিছে৷ বাৰে বৰণীয় কৃষ্টি-সংস্কৃতি জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সৰ্বস্তৰৰ ৰাইজৰ বিশ্বাস আৰু ভক্তি ভাৱনাৰ উন্মেষ ঘটোৱা এই মহান অনুষ্ঠানটোলৈ বহু দুৰদূৰিৰ পৰা ভক্তৰ সমাগম ঘটে।

অনাগত দিনত অসমৰ এটি বৃহত ধৰ্মীয় অনুষ্ঠান লৈ পৰ্যবসিত হব বুলি নিশ্চিত ভাৱে আশা কৰিব পাৰি। পূজাৰ বাকৰিত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল আৱাহন থিয়েটাৰ আৰু ৰাজমুকুট থিয়েটাৰে নাট মঞ্চস্থ কৰাৰ  লগতে মিনি চাৰ্কাচ, মীনা বজাৰ আদিয়ে ৰাইজক আমোদ দিয়া দেখা গৈছে।