newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুস্থিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আইটিআই খন সম্প্ৰতি  ধ্বংস স্তুপলৈ পৰিণত হৈছে। মন্ত্ৰী-আমোলাৰ অমনোযোগীতাৰ ফলস্বৰূপে উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আইটিআই খন বৰ্তমান বিধ্বস্ত হৈ পৰাৰ পৰিলক্ষিত হৈছে ৷  

কংগ্ৰেছ চৰকাৰৰ আমোলত প্ৰাক্তন শক্তি, উদ্যোগ মন্ত্ৰী প্ৰদ্যুত বৰদলৈৰ প্ৰচেষ্টাত অনুমোদিত হৈ  নিৰ্মিত হোৱা  শৈক্ষিক প্ৰতিষ্ঠানটিৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত সম্পূৰ্ণ হৈছিল যদিও চৰকাৰ পৰিৱৰ্তনৰ পাছৰে পৰা পুনৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাত আজিকোপতি মুকলি নহ'ল লিডুবাসীৰ বহু প্ৰত্যাশিত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটো। 

কংগ্ৰেছৰ আমোলতে  ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত প্ৰশিক্ষণ কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন হোৱাৰ পাছত চিপেগাঁওস্থিত এলেকাৰ এক বৃহৎ ভূমি খণ্ডত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ প্ৰায় সম্পূৰ্ণ হৈছিল যদিও গুৰুত্বপূৰ্ণ কথাটো হ'ল যে চৰকাৰৰ পৰিৱৰ্তনৰ পাছত ৰাজনৈতিক মেৰপাকৰ মাজত আবদ্ধ হৈ পুনৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰে ৷ 

লগতে ধুমুহা বৰষুণত এই শৈক্ষিক প্ৰতিষ্ঠানটোৰ প্ৰায় বিলাক অংশ ভাঙি চিগি বিধ্বস্ত হৈ পৰিছে। কোনো দুস্কৃতিকাৰীয়ে প্ৰতিষ্ঠানটোৰ খিৰিকি দৰ্জা ভাঙি পেলোৱাৰ লগতে বিভিন্ন অংশত ক্ষতিগ্ৰস্ত কৰাৰ ফলত প্ৰায় ধ্বংস স্তুপলৈ পৰিণত হৈছে। বিভিন্ন সময়ত নানান অৰাজনৈতিক সংগঠন সমূহে শৈক্ষিক প্ৰতিষ্ঠানটো মুকলি কৰি পাঠদানৰ বাবে সুচল কৰি তুলিবৰ বাবে পৃথকে পৃথকে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিওঁ আজিকোপটি গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ ৷ 

যাৰ পৰিপেক্ষিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভাগীয় বৰমুৰীয়া সকলৰ লগতে স্থানীয় বিধায়ক ভাষ্কৰ শৰ্মাক শীঘ্ৰেই এই প্ৰতিষ্ঠানটোৰ শিক্ষা সেৱা মুকলি কৰিবলৈ আহবান জনায় ৷ শীঘ্ৰেই যদি উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে অনাগত দিনত সংগঠনটোৱে হাত সাৱটি বহি নাথাকে বুলিওঁ হুংকাৰ প্ৰদান কৰে৷