লণ্ডনঃ মহামাৰী কৰ’নাৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাইছে। বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকৰ সংখ্যা। সমগ্ৰ বিশ্বত বৰ্তমানলৈ আক্ৰান্ত হৈছে ৬০ লক্ষাধিক লোক, মৃত্যু ঘটিছে প্ৰায় ৩,৬৭০০০ জনৰ। ভাৰততো ক্ৰমাগতভাৱে বৃদ্ধি পোৱা আক্ৰান্ত আৰু মৃতকৰ সংখ্যাই আতংকিত কৰি ৰাখিছে দেশবাসীক। ভাৰতত ৩০ মে’ পৰ্যন্ত ১,৭৪০০০ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। আনহাতে কৰ’নাৰ উৎপত্তিস্থল চীনকো পিছ পেলাই ভাৰতত মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪৯৮১ জনলৈ।
কৰ’না ভাইৰাছ বা ক’ভিড ১৯ক লৈ অব্যাহত থকা এই আতংকৰ মাজতে হাতৰ আঙুলি আৰু এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সম্ভাৱনাৰ মাজত এক যোগসূত্ৰ স্থাপনৰ দাবী কৰিছে এক চিকিৎসা বিশেষজ্ঞৰ দলে। ব্ৰিটেইনৰ এই বিশেষজ্ঞৰ দলটোৱে দাবী কৰা মতে সোঁহাতৰ অনামিকা আঙুলিৰ দৈৰ্ঘ্যৰ ওপৰত ক’ভিড-১৯ত আক্ৰান্ত হোৱা আৰু মৃত্যু ঘটাৰ সম্ভাৱনা কিছু পৰিমাণে নিৰ্ভৰ কৰে। এই সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘ডেইলি মেইল’তো এক প্ৰতিবেদন প্ৰকাশ পাইছে।