newsnextone.com | কাৰ্বি আংলংঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ চোৰ-ডকাইতৰ কৰিড'ৰ হিচাপে পৰিগণিত হৈ অহাৰ সময়তে বোকাজানত শনিবাৰে নিশা তিনিখন চুৰি স্কুটি সহ এজন ব্যক্তি আৰক্ষীৰ জালত পৰে ৷ 

ৰাষ্ট্ৰীয় ঘাইপথটোৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ লগতে মণিপুৰলৈ চোৰে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা দুচকীয়া, চাৰিচকীয়া আদি বাহনসমূহ বিক্ৰীৰ বাবে লৈ যায় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুৰি কৰি নিয়া বহু গাড়ী উদ্ধাৰ হৈছে বোকাজান মহকুমাৰ অন্তৰ্গত বোকাজান, খটখটি, বৰপথাৰ, ডিলাই আদি আৰক্ষী থানাৰ নাকা তালাচী সমূহত ৷ 

শনিবাৰে নিশা বোকাজান আৰক্ষীয়ে গুৱাহাটীৰ পৰা চুৰি হোৱা তিনিখন স্কুটি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বোকাজান আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত বোকাজান থানাৰ অন্তৰ্গত ইকৰাণি বস্তিৰ পৰা তিনিখন স্কুটি উদ্ধাৰ কৰাৰ লগতে খেইৰুদ্দিন নামৰ এজন ব্যক্তিক আটক কৰে ৷ 

তিনিওখন স্কুটি  চুৰি হোৱাৰ সন্দৰ্ভত গুৱাহাটীৰ পল্টন বজাৰ, পানবজাৰ আৰু ভঙাগঢ় আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। 

উল্লেখযোগ্য যে তিনিওখন স্কুটি গুৱাহাটীৰ পৰা চুৰি কৰি আনি বোকাজানৰ ইকৰাণি বস্তিত ভাড়াতীয়া হিচাপে থকা খেইৰুদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত মজুদ কৰি ৰখাৰ লগতে বাহনকেইখনৰ প্ৰকৃত নম্বৰ সলনি কৰি ভুৱা নম্বৰপ্লেট ব্যৱহাৰ কৰি মণিপুৰলৈ নিয়াৰ পৰিকল্পনা কৰোতেই আৰক্ষীৰ  জালত পৰে খেইৰুদ্দিন। 

বোকাজান আৰক্ষীয়ে উক্ত ঘটনা সম্পৰ্কত এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে খেইৰুদ্দিনৰ আন কেইবাজনো সহযোগীৰ সন্ধানত অভিযান অব্যাহত ৰখাৰ লগতে আৰু অধিক তথ্যৰ বাবে বোকাজান থানাত খেইৰুদ্দিনক সোধ পোচ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ 

আনহাতে চুৰি হোৱা স্কুটিকেইখন গুৱাহাটীৰ শ্যামলাল বৰ্মন, মেমনিশা মাৰাক আৰু দেবেন বড়োৰ বুলি জানিব পৰা গৈছে।