মোৰাঝাৰঃ নিৰ্বাচনৰ সময়ত সংখ্যালঘু দৰদী নেতা-কৰ্মীয়ে ঘৰিয়ালৰ চকুপানী টুকি ভোট ভিক্ষা কৰে৷ ভোট লাভ কৰি নিৰ্বাচনত জয়ী হৈ তাৰ পিছৰে ঘুৰি নাচায় সংখ্যলঘু এলেকাক৷

হোজাই জিলাৰ ৯২নং লামডিং সমষ্টিৰ ৰাইজক বৰ্তমানৰ বিধায়কগৰাকীয়ে সমষ্টিৰ সংখ্যালঘু ৰাইজক তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ বিশুদ্ধ খোৱাপানী, বাট-পথ, শিক্ষা, স্বাস্থ্য কৃষি আদিত ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

বিগত পোন্ধৰবছৰীয়া কংগ্ৰেছৰ শাসন কালত লামডিংবাসী ৰাইজে উন্নয়ণৰ ছাঁ টোকে দেখা নাছিল। তাৰ পিছতে সমষ্টিৰ ভোটাৰে উন্নয়ণৰ স্বাৰ্থত বিকল্পৰ সন্ধান আৰম্ভ কৰে৷ পৰিৱৰ্তনৰ ঢৌত আৰু ৰাইজে বিজেপিৰ সপক্ষে ভোটদান কৰে৷

কিন্তু সমষ্টিৰ একাংশ লোকে বিধায়ক সুপ্ৰিয় মিশ্ৰই বিশেষ জনগোষ্ঠীৰ হকে কাম নকৰাৰ অভিযোগ উত্খাপন হৈছে। বিধায়কে দুই এজন সাংগো পাংগোক লগত লৈ নিজ ইচ্ছা মতে কাম কৰি গৈছে৷ লামডিং সমষ্টিৰ বিধায়কগৰাকীয়ে বিশেষ জনগোষ্ঠীৰ বসতি প্ৰধান এলেকাক গুৰুত্ব প্ৰদান নকৰি বিশেষ অঞ্চলত ধনৰ আৱন্টন দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

লামডিং সমষ্টিৰ দুটা উন্নয়ণ খণ্ডৰ উদালী উন্নয়ণ খণ্ড আৰু লামডিং উন্নয়ণ খণ্ডত আৱন্টিত সংখ্যালঘু উন্নয়ণৰ বহু লাখ টকা আৰু মাল্টি চেক্টৰ ডেভলপমেন্ট প্ৰগেমৰ নামত আৱন্টিত কেইবা লাখ টকা ৰাইজৰ স্বাৰ্থৰ বিপৰীতে খৰছ কৰাৰ অভিযোগ উত্থাপন হৈছে৷