newsnextone.com | টীয়কঃ মহাপুৰুষীয়া সংস্কৃতি আৰু নৱ বৈষ্ণৱ ধৰ্মৰ পৱৰ্তক মহাপুৰুষ দুজনাৰ অন্যতম শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহাপুৰুষ মাধৱদেৱ স্থাপিত উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত বৰ উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। মহাপুৰুষজনাৰ তিৰোভাৱৰ পবিত্ৰ দিনটোত পুৱাৰে পৰা অগনন ভক্তৰ সমাগমে ঢেকীয়াখোৱা বৰনামঘৰ হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে। 

উল্লেখ্য যে, ১৫২৮ চনত চাৰিখুটি মাৰি এইভাগ নামঘৰ প্ৰতিষ্ঠা কৰিছিল শ্ৰীশ্ৰীমাধৱদেৱে আৰু তেতিয়াৰে পৰা বুঢ়ীদিহা নৈৰ পাৰত মহাপুৰুষজনাই জ্বলাই যোৱা প্ৰাকৃতিক বন্তি গছিয়ে আজিও বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। পৱিত্ৰ ভাদ মাহত মাহজোৰা নাম মহোৎসৱত অগণন ভক্তৰ ভিৰ হয় এই পূণ্য স্থানত। সামান্তৰাল ভাৱে টীয়কৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰ আৰু কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি সত্ৰতো মাহজোৰা নাম মহোৎসৱ আৰম্ভ হোৱাৰ লগে লগে অগণন ভক্তৰই ভিৰ কৰা পৰিলক্ষিত হৈছে।

মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যত টীয়কৰ কলিয়াপানী স্থিত ঐতিহাসিক আউনিআটি সত্ৰত সত্ৰাধিকাৰ ড০ পিতাম্বৰ দেৱ গোস্বামী আৰু ডেকা সত্ৰাধিকাৰ শ্ৰীশ্ৰীআউনীআটী দেৱানন্দ দেৱ গোস্বামীৰ উপস্থিতিত দিনজোৰা নামৰ অন্তত বিয়লি নৃসিংহ অৱতাৰ ভাওনা প্ৰদৰ্শন কৰা হয়। 

আমগুৰিৰ পাৰিজাত শিল্পীসমাজৰ দ্বাৰা পৰিবেশিত এই ভাওনা অনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বুঢ়া ভকত সোনাৰাম শৰ্ম্মাই। উদযাপন সমিতিৰ হৈ গজেন ভূঞাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট সমালোচক হেমচন্দ্ৰ শইকীয়া, বিশিষ্ট চিকিৎসক ডা০ মনোজ শৰ্ম্মা, সাহিত্যিক ব্ৰজেন শৰ্ম্মাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। দিনৰ ভাগতে অনুষ্ঠিত এই ভাওনা প্ৰদৰ্শন বহু শতাধিক ভক্তই উপভোগ কৰে।