newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে তৃণমূল কংগ্ৰেছে বাৰ্ষিক শ্বহীদ দিৱস পালন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক তীব্ৰ আক্ৰমণ কৰে। মমতাই ২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে ১৫ আগষ্টৰ পৰা অভিযান আৰম্ভ কৰিব বুলি কয়। মমতাই কয় যে বিজেপিৰ বিৰুদ্ধে আমি অভিযান আৰম্ভ কৰিম। বিজেপিৰ বিৰুদ্ধে সেই সময়ত মমতাই আক্ৰমণ কৰে যিটো সময়ত বিজেপিৰ নেতা প্ৰাক্তন সাংসদ চন্দন মিশ্ৰই তৃণমূলত যোগদান কৰে। 

 তৃণমূলে শনিবাৰে শ্বহীদ দিৱস পালন কৰে। উক্ত কাৰ্যসূচীতে বিজেপি ভাৰত এৰাৰ শ্ল'গান দিয়ে মমতাই। মমতাই কয়ে যে আমি ১৫ আগষ্টৰ পৰা বিজেপি 'হটাও, দেশ বচাওঁ' অভিযান চলাম। ২০১৯ৰ বাবে এয়া এক প্ৰহাৰ হ'ব আৰু এই ৰাস্তা দেখুৱাব পশ্চিম বংগই। 

মমতাই আৰু কয় যে দেশৰ বিভিন্ন ঠাইত গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈ আছে। সেইসকল লোকে তালিবান জন্ম দিছে। আৰএছএছ আৰু বিজেপিত কিছু ভাল মানুহোঁ আছে তেওঁলোকক সন্মান কৰো। কিন্তু লেতেৰা খেল খেলি আহিছে বুলিও কয় মমতাই।