newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত শ-শ লোকৰ নিদ্ৰা হৰণ হৈছে। বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰিজুলিত অব্যাহত ৰাখিছে সন্ত্ৰাস। উক্ত এলেকাত বছৰ বছৰ ধৰি বন্য জীৱ-জন্তুৰ সন্ত্ৰাস অব্যাহত আছে যদিও স্থানীয় প্ৰশাসন, বিধায়ক তথা চৰকাৰে সাধাৰণ লোকৰ জীৱন আৰু সম্পত্তি ৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়। 

কিছুদিনৰ ভিতৰত অক্ৰমণত এলেকাটোত এগৰাকী কৃষক সহ বনৰীয়া হাতীৰ আক্ৰমণত প্ৰায় ৭গৰাকী লোকৰ মৃত্যু হৈছে। বনৰীয়া হাতীয়ে নিতৌ সন্ত্ৰাস চলাই মানুহৰ ঘৰ-বৰ, খেতি পথাৰ নষ্টি কৰিছে। তাৰ পিছতোঁ বন বিভাগে সমষ্টিটোৰ লোকৰ জীৱন-সম্পত্তি সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। 

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ নাগ্রীজুলিৰ গুৱাবাৰীত লাডেন নামৰ হাতীটো থকাৰ বনৰীয়া হাতীৰ জাকটোৱে তাণ্ডৱ অব্যাহত ৰাখিছে। দীৰ্ঘদিন ধৰি হাতীৰ জাকটোৱে বৃহত্তৰ নাগ্রীজুলি-গুৱাবাৰী অঞ্চলত উপদ্ৰৱ চলাই নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। শুকুৰবাৰে নিশা প্ৰায় ৬০-৭০ জনীয়া হাতীৰ জাকটোৱে গুৱাবাৰী গাঁৱত প্ৰৱেশ কৰি চিত কুমাৰ দাহালৰ ঘৰ দুৱাৰ ভাঙি বিষ্টৰ ক্ষতিসাধন কৰে। ঘৰৰ ভিতৰত থকা  সকলো সামগ্ৰী ভাঙি পেলোৱাৰ লগতে ভঁড়ালৰ প্ৰায় ৪০ মোন ধান খাই তহিলং কৰে। 

হাতীৰ জাকটোৱে তেজ বাহাদুৰ পৌৰেলৰ দুটা ঘৰ ভাঙি পেলোৱাৰ লগতে চাইকেল, বাচন বৰ্তন, বিচনা, আদি ভাঙি পেলায়। প্ৰায় ১৫ মোন ধানো ভক্ষণ কৰে। হাতীৰ জাকটোৰ গছকত তেজ বাহাদুৰৰ ঘৰৰ এটি গৰু পোৱালী আহত হয়। হাতীৰ জাকটোৱে খেম বাহাদুৰ পৌৰেল, গোপী নেওপানীৰ পৰিয়ালৰ দুটাকৈ ঘৰ ভাঙি তেওঁলোকৰ ঘৰৰ ভিতৰত থকা সামগ্ৰী ভাঙে। 

হাতীৰ জাকটোৱে মাধৱ ছেত্ৰীৰ বাৰীৰ বহু সংখ্যক তামোল নাৰীকলৰ গছ ভাঙি পেলায়। ইয়াৰ উপৰিও হাতীৰ জাকটোৱে শ্যাম কুমাৰ প্ৰধানৰ ঘৰৰ পৰাই ৩০০ তামোল গছ ভাঙি উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিয়ালৰ লোকেসকলৰ। হাতীৰ উপদ্ৰৱ দিনে দিনে বৃদ্ধি পাই আহিছে ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত। কেইদিনমান পূৰ্বে অঞ্চলটোত বন্য হস্তীৰ মৃত্যু হোৱাৰ লগতে এজন লোকে প্ৰাণ হেৰুৱাইছিল। তথাপি বন বিভাগ শুই থকা পৰিলক্ষিত হৈছে। আনহাতে একাংশ মহিলাই লাডেন নামৰ হাতীৰ জাকটোৰ পৰা ৰক্ষা পাবলৈ নেদেখাজনক প্ৰাৰ্থনা কৰা বুলিও জানিব পৰা গৈছে।