newsnextone.com | মৰিয়নীঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই বৰ্দ্ধিত মজুৰি পাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ চাহ শ্ৰমিকসকলে৷ চৰকাৰে যদিও সামন্য মজুৰি বৃদ্ধি কৰিছে তাক লৈ সন্তুষ্ট নহয় শ্ৰমিকসকল৷ যাৰ ফলত বাৰে বাৰে আন্দোলন কৰিব লগা হৈছে চাহ শ্ৰমিকসকলে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত চাহ শ্ৰমিকে প্ৰতিবাদ কৰি অহাৰ সময়তে বৃহস্পতিবাৰে যোৰহাট জিলাৰ মৰিয়নীত চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷  চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোত প্ৰায় দুই শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰি ৩৫০ টকালৈ মজুৰি বৃদ্ধিৰ কৰাৰ দাবী জনায়৷  চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰিয়নী শাখাৰ উদ্যোগত চাহ শ্ৰমিকে অংশ লৈ ধৰ্ণা প্ৰদান কৰে৷ প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিক মজুৰি বৃদ্ধি কৰাৰ দাবী জনায়৷ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰক, অসম চৰকাৰ হায় হায়, শ্ৰম মন্ত্ৰী মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে৷ ৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি নকৰাত চাহ শ্ৰমিকসকল চৰকাৰৰ বিৰুদ্ধে সােচ্চাৰ হৈ পৰে৷ 

চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱলাৰ নেতৃত্বত মৰিয়নী চহৰৰ মাজমজিয়াত অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সময়তে প্ৰতিবাদী কাৰ্যসূচী বিজেপি নেতা দুলেন নায়ক উপস্থিত হয়। আটছা নেতা ধীৰাজ গোৱলাই চাহ শ্ৰমিকক বিজেপি চৰকাৰখনে বঞ্চনা কৰা বুলি কৈ কঠোৰ সমালোচনা কৰে। আনহাতে একেটা কাৰ্যসূচীত উপস্থিত থাকি বিজেপি নেতা তথা চাহ কোষৰ উপ-সভাপতি, চাহ বৰ্ডৰ অধ্যক্ষ দুলেন নায়কে চৰকাৰে চাহ শ্ৰমিকৰ পক্ষত থকা বুলি কৈ চাহ শ্ৰমিকৰ হৈ কাম কৰা বুলি দাবী কৰে৷