newsnextone.com| মৰিগাঁওঃ মৰিগাঁৱত বৃহস্পতিবাৰে সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা, তিৱা মাখনলাই তখ্ৰাকে আদি কৰি ১০ টা তিৱা জাতীয় সংগঠনৰ "গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ ২০১৭ বিধেয়কৰ" বিৰুদ্ধে উত্তাল প্ৰতিবাদ। অসম চৰকাৰে কামৰূপ (ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিক সামৰি ৰাজধানী ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবৰ বাবে "অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭" বিধেয়ক খনৰ বাজেট নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তকলৈ সৰব হৈ পৰে মৰিগাঁও জিলাৰ ১০টা জাতীয় সংগঠন। বৃহস্পতি বাৰে মৰিগাঁৱৰ ১০ টা জাতীয় সংগঠনে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত ৩ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। 

মৰিগাঁৱৰ দল সংগঠন সমূহে খিলঞ্জীয়া বিৰোধী চৰকাৰ হায় হায়, বিজেপি হায় হায়, অসম চৰকাৰ হায় হায়, জনজাতি বিৰোধী চৰকাৰ হায় হায়, খিলঞ্জীয়াক ভূমি সুৰক্ষা প্ৰদান কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সততে খিলঞ্জীয়াৰ অধিকাৰ-সুৰক্ষা, জাতি-মাটি ভেটিৰ কথা কোৱা সৰ্বানন্দ সোনোৱালক হাতে কামে কৰি দেখোৱাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে মৰিগাঁৱৰ দল সংগঠন সমূহে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।