newsnextone.com |  ডিব্ৰুগড়ঃ লাহোৱালত অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰে। প্ৰেছ ক্লাবৰ কাৰ্যালয়ত লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দীপজয় শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত শ্বহীদ সাংবাদিক কমলা শইকীয়া স্মৃতিচাৰণ অনুষ্ঠানত বন্তি প্ৰজ্বল কৰে লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা কনৌজ শইকীয়াই।

প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক উজ্জ্বল শইকীয়াই উদেশ্য ব্যাখ্যা কৰা সভাত ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ভূষণ জ্যোতি সন্দিকৈয়ে ভাষণ প্ৰসংগত কয় যে কমলা শইকীয়া হত্যাকাণ্ডৰ ফাইল পুনৰ খুলি তদন্ত কৰিব লাগে। দেশৰ ভিতৰত অসমৰ সাংবাদিকে অধিক ভাবুকি নিগ্ৰহৰ সন্মুখীন হৈ অহা বুলি ক্ষোভ প্ৰকাশ কৰে।

বৰ্তমান চৰকাৰে কংগ্ৰেছৰ দুৰ্নীতিৰ তদন্ত যিদৰে কৰিছে সেইদৰে কমলা শইকীয়া হত্যাকাণ্ডৰ তদন্ত নতুনকৈ কৰিব লাগে বুলি দাবী উত্থাপন কৰে। সাংবাদিক হত্যাকাৰীসকলেই চৰকাৰৰ আপোন হৈ পৰিছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি সাংবাদিক ৰশ্মিৰেখা সাউদ কলিতাই হত্যাকাৰীয়ে উচিত শাস্তি পাব বুলি আশা প্ৰকাশ কৰে। পুনৰ চিবিআই তদন্তৰ জৰিয়তে কমলা শইকীয়াৰ হত্যাকাৰীক শাস্তি বিহাৰ লগতে অসমত হত্যাৰ বলি হোৱা সকলো সাংবাদিকৰ গোচৰ পুনৰ তদন্ত কৰাৰ বাবে ৰাজ্য চৰকাৰক দাবী জনাই লাহোৱাল প্ৰেছ ক্লাবে।