গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ৰ 'ড০ ভূপেন হাজৰিকা গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰ'ই আজি সুধাকণ্ঠৰ ড০ ভূপেন হাজৰিকাৰ ৯১তম্ জন্মবাৰ্ষিকী গণসংযোগ দিৱস হিচাপে উদযাপন কৰে। দিনৰ ২ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন প্ৰেক্ষাগৃহত আৰম্ভ হোৱা অনুষ্ঠানটোত মূখ্য অতিথি ৰূপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী আৰু লোক সাহিত্যিক তথা শিল্পী লোকনাথ গোস্বামী।

উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামীয়ে কয় যে, সুধাকণ্ঠৰ নামেৰে নামাংকিত এই কেন্দ্ৰটো গণসংযোগৰ ক্ষেত্ৰত আৰু অধিক শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰিব। ভূপেন হাজৰিকাক দূৰন্ত তৰুণ অনুভৱৰ গৰাকী বুলি আখ্যা দি লোকনাথ গোস্বামীয়ে কয় যে, ‘ড০ ভূপেন হাজৰিকাৰ বিষয়ে আৰু তেওঁৰ গীতৰ কথা বৰ্তমানেও পুংখানুপুংখভাৱে মূল্যায়ন হোৱা নাই’। এই আক্ষেপ প্ৰকাশ কৰাৰ লগতে তেওঁ কয় যে ভূপেন হাজৰিকাই যি সম্পদ দি থৈ গৈছে সেইখিনিক অসমৰ জনগণে সৎ ব্যৱহাৰ কৰিব লাগে। তেওঁ বক্তব্যৰ মাজতে সুঙাকণ্ঠৰ গীতৰ কলি আওৰাই অনুষ্ঠানত উপস্থিত দৰ্শকক আপ্লুত কৰে। 

গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰটোৰ প্ৰাক্তন ছাত্ৰী নাজনিন উল্লাহে বেহেলাত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰাৰ লগতে বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে জনপ্ৰিয় 'কহুৱা বন মোৰ অশান্ত মন' শীৰ্ষক গীতটি পৰিৱেশন কৰে। অনুষ্ঠানত কেন্দ্ৰটোৰ শিক্ষকবৃন্দ আৰু ন-পুৰণি ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।