newsnextone.com | গোৰেশ্বৰঃ বাক্সা জিলাৰ শুৱাগপুৰত বুধবাৰে নিশা ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে কেইবাটাও পৰিয়ালৰ ঘৰ ভাঙি গৃহহীন কৰে বুলি জানিব পৰা গৈছে৷ 
গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শুৱাগপুৰ অঞ্চললৈ বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই হাতীৰ জাকে তাণ্ডৱ চলাই ১নং শুৱাগপুৰ গাঁৱত। ওৰে নিশা উজাগৰে থকা গাঁওবাসীয়ে বনৰীয়া হাতীক পহৰা দি থকাৰ পিছতো নিশা গাঁওখনৰ ৭টা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে।

গাঁওখনৰ শৈলেন বড়ো নামৰ খেতিয়ক জনৰ প্ৰায় তিনিবিঘা কল খেতি আৰু তামোলৰ বাগানৰ বিস্তৰ ক্ষতিসাধন কৰে হাতীৰ জাকটোৱে। জানিব পৰা মতে কৃষকজনৰ  প্ৰায় এক লাখ টকাৰ কৃষি ধন বিনষ্ট হৈছে। ইপিনে গাঁওখনৰ দৰিদ্ৰ দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা প্ৰায় সাতটা পৰিয়ালৰ ঘৰ ভাঙি পেলাই হাতীৰ জাকটোৱে। গাঁওখনৰ ত্যাগ বাহাদুৰ চেত্ৰী, লিলিমায়া দেৱী, পূৰ্ণ বাহাদূৰ চেত্ৰী, প্ৰয়াত দেৱেন বড়ো, ৰামসিংহ ৰাজগুৰ, জয়ৰাম ৰাজগুৰ আৰু তিলক যোগীৰ ঘৰ ভাঙে হাতীৰ জাকটোৱে।

ত্যাগবাহাদুৰ চেত্ৰীৰ চাৰিটাকৈ ঘৰ সম্পুৰ্ণ ৰূপে ভাঙি পলোৱাৰ লগতে আচবাব আদিও ভাঙি তহিলং কৰে বন্য হস্তীৰ জাকে। কেবাঘৰৰ ভঁৰালৰ ধান আদিও খাই পেলোৱাৰ লগতে সমগ্ৰ অঞ্চলটোতে বনৰীয়া হাতীয়ে এক প্ৰকাৰ সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে যদিও বনৰীয়া হাতীৰ জাকটোক পুঠিমাৰী নৈৰ জাৰণিত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। বনবিভাগক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ষতিগ্ৰস্থ পৰিয়াল সমূহক ক্ষতিপূৰণ দিয়া দাবী জনাইছে গাওঁবাসীয়ে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা-ওদালগুৰি জিলাতো অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷ জিলা দুখনৰ শুক্লাই, ডিমাকুছি, নাগ্ৰীজুলি, শুৱাগপু, তামুলপুৰ, উপৰখুটি আদি অঞ্চলত ভূটান সীমান্তৰ পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে পাৰ্শ্বৱতী বিভিন্ন গাঁৱত দীৰ্ঘদিন ধৰি অব্যাহত ৰাখিছে সন্ত্ৰাস৷ 

ফল ক্ৰমান্বয়ে বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত৷ খাদ্যৰ সন্ধানত ভুটান পাহাৰৰ পৰা নামি আহি হাতীৰ জাক সমূহে দিনৰ দিনটো জংঘলত সোমাই থাকি নিশা হলেই জনবসতি এলেকালৈ ওলাই আহি দুয়োখন জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাৰ ঘৰ-বাৰী, খেতি-পথাৰ, ভঁৰালৰ ধান খাই বিনষ্ট কৰি জনসাধৰণৰ ব্যাপক ক্ষতি সাধন কৰি আহিছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ অহাৰ দৰে সীমান্তৱৰ্তী এলেকাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা নাই বন বিভাগ, অসম চৰকাৰে৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে এই অঞ্চলসমূহৰ লোকৰ খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিকো হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হৈ আহিছে৷ কিন্তু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পোৱাৰ পিছতো ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷