newsnextone.com | চৰাইদেউঃ অসমৰ জাতীয় দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে অসমৰ একাংশ বাংলাভাষী সংগঠনে বিধেয়কক সমৰ্থন কৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। বিশেষকৈ বৰাক উপত্যকা আৰু নামনি অসমৰ একাংশ বাংলাভাষী সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰি বঙাইগাঁৱত গণ সমাবেশ পৰ্যন্ত অনুষ্ঠিত কৰিছিল।

কিন্তু বিপৰীত উজনিৰ বাংলাভাষী সংগঠন। অসমৰ থলুৱা জাতীয় আৰু জনগোষ্ঠীৰ দল-সংগঠনৰ সৈতে একেটা শাৰীত থিয় দিলে উজনিৰ বাংলাভাষী সংগঠনে। উজনি অসমৰ চৰাইদেউ জিলাত বুধবাৰে উজনি অসমৰ বাংলাভাষী সংগঠনে এখন সমাবেশ অনুষ্ঠিত কৰে। উজনি অসম বঙালী যুৱ-ছাত্ৰ পৰিষদ, বাংলাভাষী অসমীয়া সমাজ-অসম আৰু বংগীয়া অসমীয়া সমাজ তথা চৰাইদেউ জিলা বঙালী সমাজ গণ সমাবেশ অনুষ্ঠিত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ মুকলিকৈ বিৰোধিতা কৰে।

 চৰাইদেউ জিলাৰ সোণাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা গণ সমাবেশত কেইবাটাও দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে। সমাবেশত বঙালী সমাজৰ কেইবাগৰাকী লোক উপস্থিত থাকি অসমৰ জাতীয় দল-সংগঠনৰ সৈতে সদায় থাকি অসমৰ হিতৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে বঙালী ভাষী সংগঠন সমূহে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বাংলাদেশৰ পৰা অসমলৈ হিন্দু শৰণাৰ্থী আনি সংস্থাপিত কৰাৰ পক্ষপাতি নহয় বুলি কয়।

গণ সমাবেশৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ অটুট ৰখা, ডি-ভোটাৰৰ নামত বাঙালীক বিদেশী সজোৱা বন্ধ কৰাৰ দাবী জনায়। সভাত সোণাৰি প্ৰেছ-ক্লাৱ'ৰ সভাপতি মৃত্যুঞ্জয় দাস, সোণাৰি প্ৰেছ-গীল্ড'ৰ উপদেষ্টা সঞ্জীৱ গগৈ, সোণাৰি প্ৰেছ গ্ৰীল্ডৰ সভাপতি সূৰ্য্য বড়া, ছাত্ৰ-সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মাণিক গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ছাবিৰ আহমেদ, টাই আহোম যুৱ-পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ উপস্থিত থাকে।