newsnextone.com | গোৰেশ্বৰঃ দেশৰ সাংবাদিকসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সততে মাত দি অহা সাংবাদিক সংগঠন অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোচিয়েশ্বন চমুকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰি বাক্সা জিলাখনৰ সাংবাদিকক জনসংযোগৰ পৰিচয় পত্ৰ প্ৰদানৰ দাবী জনায়।

বাক্সা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈক সংগঠনটোৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰি জিলা খনৰ সাংবাদিকসকলক জনসংযোগ বিভাগৰ পৰিচয় পত্ৰ প্ৰদানৰ দাবী জনায়।

যোৱা ২০ জুলাইত এখন স্মাৰক পত্ৰ প্ৰদান কৰি আইৰাৰ বিটিএডিৰ মাণ্ডলিক শাখাৰ জৰিয়তে উপায়ুক্তক সাক্ষাৎ কৰি স্মাৰক পত্ৰখন প্ৰদান কৰে ৷ আইৰাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈ আৰু সাধাৰণ সম্পাদক পংকজ নাথৰ স্বাক্ষৰিত স্মাৰক পত্ৰত জনসংযোগ বিভাগত  ডিআই পিআৰ কাৰ্ডৰ বাবে বাক্সা জিলাৰ কেইবাগৰাকীও সাংবাদিকে আবেদন কৰিছিল যদিও বাক্সা জিলাৰ ডিএলপিএচিৰ  সমিতিখন গঠন নকৰাত আৰু ডিএলপিএচি ৰ সমিতিখনৰ স্বাক্ষৰ নোহোৱাত সাংবাদিকসকলে বঞ্চিত হৈ থাকিব লগীয়া হৈছে বুলি কয় সংগঠনটোৱে।

অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্চ এছোচিয়েশ্বন চমুকৈ আইৰাৰ অসম শাখাই জনসংযোগ কাৰ্ডৰ আবেদনকাৰী বাক্সা জিলাৰ সাংবাদিকসকলক শীঘ্ৰে কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ  কৰিবলৈ আহ্বান জনায় ৷ আইৰাৰ অসমৰ দলটোৰ সৈতে আলোচনাৰ অন্তত বাক্সা জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ গগৈয়ে জিলাখনৰ আবেদনকাৰী সাংবাদিকসকলক উপযুক্ত নথিপত্ৰ পৰীক্ষা কৰি কাৰ্ড পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।