মোৰাঝাৰঃ হোজাই জিলাৰ বৃহত্তৰ মোৰাঝাৰ অঞ্চলত জনসংখ্যা অনুযায়ী বেংক ব্যৱস্থা নথকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বেংকৰ শাখা আৰু এটিএমৰ পৰ্যাপ্ত ব্যৱস্থা নথকাৰ ফলত সময়ে সময়ে ৰাইজে বেংকৰ শাখা আৰু এটিএম স্থাপনৰ বাবে দাবী জনাই আহিছে৷

চৰকৰ তথা বেংক কৰ্তৃপক্ষই এই দাবীক গুৰুত্ব প্ৰদান নকৰাত পুনৰ মোৰাঝাৰ অঞ্চলৰ কেইবাগৰাকী সাংবাদিকে শুকুৰবাৰে মোৰাঝাৰত বেংকৰ অতিৰিক্ত শাখা আৰু এটিএম স্থাপন দাবী জনায় স্মাৰক পত্ৰ প্ৰদান কৰে৷ গ্ৰাহকৰ সুবিধাৰ বাবে হোজাইৰ মোৰাঝাৰ বজাৰত অতিৰিক্ত এটিএম স্থাপনৰ দাবীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মোৰাঝাৰ শাখাৰ পৰিচালকৰ জৰিয়তে বেংক কৰ্তৃপক্ষক এখন স্মাৰক পএ প্ৰদান কৰে৷

সদৌ অসম সাংবাদিক সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ছাদিকুজ জামান, মোৰাঝাৰৰ স্থানীয় সাংবাদিক শ্বাহনেৱাজ মঞ্জুৰ হুচেইন, আজুৰ হোজাই জিলা সমিতিৰ সাংগঠনিক সম্পাদক হিফজুৰ ৰহমানৰ নেতৃত্বত মোৰাঝাৰ বজাৰত অতিৰিক্ত এটিএম স্থাপনৰ দাবীত মোৰাঝাৰ শাখা পৰিচালকক স্মাৰক পত্ৰ প্ৰদান কৰে৷

বেংকৰ শাখাটোৰ পৰিচালক দেৱজিৎ তালুকদাৰে গ্ৰাহকৰ স্বাৰ্থত এটিএম স্থাপনৰ বাবে কৰ্তৃপক্ষক জনাব বুলি আশ্বাস প্ৰদান কৰে৷ বেংকৰ শাখা স্থাপন কৰাৰ দাবীতো ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গুৱাহাটীলৈ কাৰ্যালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়৷