তিনিচুকীয়াঃ  ২০০৬ চনৰ ভয়াবহ দিনটোক কেনেকৈ পাহৰিব তিনিচুকীয়াবাসীয়ে৷ ৰাজ পথত থলুৱাৰ তেজ বৈ থকাৰ দৃশ্য আজিও চকুৰ সন্মুখত ভাহি থাকে জিলাখনৰ লোকৰ৷ ৰাষ্ট্ৰ সন্ত্ৰাসৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহি বুকুত গুলী পাতি লৈ ৰাজ পথত ঢলি পৰিছিল ৯গৰাকীকৈ থলুৱাই৷ এগৰাকী লোকক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ পিছত ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই অহা লোকসকলক লক্ষ্য কৰি গুলীচালনা কৰাত তেজৰ নৈ বৈ গৈছিল আজিৰ দিনটোতে৷

২০০৬ চনৰ আজিৰ দিনটো সমগ্ৰ কাকপথাৰ অঞ্চলৰ বাবে বিভীষিকাময় দিন৷ সামৰিক বাহিনীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত প্ৰাণ হেৰুৱাইছিল  প্ৰায় ১০জনকৈ নিৰীহ ব্যক্তিয়ে৷ ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা নিয়োজিত সামৰিকবাহিনীয়ে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা হাজাৰ হাজাৰ লোকৰ ওপৰত কৰা এই গুলীচালনাৰ ঘটনাই ভাৰতৰ সকলো স্তৰৰ লোকৰ মাজতে খলকনি তুলিছিল৷ দেশৰ সকলো সংবাদ পত্ৰই স্বাভাৱিকতে এই ঘটনাক বৰ্বৰ আৰু কাপুৰুষালি বুলি অভিহিত কৰাৰ লগতে ঘটনাৰ স'তে জড়িত ব্যক্তিক উচিত তদন্তৰ জৰিয়তে শাস্তি পোৱাটো কামনা কৰিছিল৷

২০০৬ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ এটি দলে ডিৰাক সোনজানৰ অজিত মহন্ত (২৩) নামৰ ব্যক্তিক আলফাৰ লগত জড়িত বুলি বিচাৰি যোৱাৰ লগতে মহন্তক সোধ পোচৰ বাবে লৈ আনিছিল৷ পিছত অসম মেডিকেল কলেজত পৰিয়ালৰ অজ্ঞাতে মৰণোত্তৰ পক্ষীক্ষা কৰি মহন্তৰ মৃত শৰীৰ পৰিয়ালক গটাই দিয়াত পৰিয়াল তথা স্থানীয় ৰাইজ জাঙুৰ খাই উঠে আৰু মৃতদেহ ল'বলৈ অস্বীকাৰ কৰে৷ পৰৱৰ্তী কালত স্থানীয় ৰাইজৰ সহযোগত নিজ দেশৰ সামৰিক বাহিনীৰ দ্বাৰা স্বদেশতে অত্যাচাৰৰ বলি হৈ মৃত্যুবৰণ কৰিব লগীয়া হোৱাত মানৱাধিকাৰ ভংগৰ অভিযোগ তুলি ৫২নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তোলে৷

ইপিনে চৰকাৰী পক্ষই সমবেদনা জনাওক চাৰি প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াৰ নিমিত্তে গুলী বৰ্ষণৰ নিৰ্দেশ দিয়াত সামৰিক বাহিনীৰ জোৱান জঁপিয়াই পৰে৷ ফলশ্ৰুতিত কুঞ্জলতা মৰাণ, মাধুৰ্য গোহাঁই, পখিলী বৰা, দিপন মৰাণ, বিউটি গোহাঁই, অনিন্দিতা মুড়া, ৱাহিদা আহমেদ, মনিকা মৰাণ আৰু গোলাপ বাইলুঙে নিৰাপত্তাৰক্ষীৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ ত্যাগ কৰিব লগীয়া হয়৷

কাকপথাৰ গণহত্যাৰ আজি প্ৰায় ১২ বছৰ উকলি যোৱাৰ পাছতো প্ৰকৃত দোষীয়ে শাস্তি লাভ কৰিলেনে সেয়া আজিও কাকপথাৰবাসী ৰাইজৰ বাবে সাঁথৰ৷ শনিবাৰৰ দিনটোত সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নেতা মন্টু চেতিয়া, কেশৱ দহোতীয়া, মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আৰু ডিৰাক আঞ্চলিক সমিতিৰ বিষয়ববীয়া লগতে সদৌ অসম মটক যুৱ সন্মিলনৰ বিষয় ববীয়া (তিনিচুকীয়া জিলা), কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিকৰ বিষয়-ববীয়াই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷