শিমলুগুৰিঃ অসমৰো গাঁৱে-ভূঞে আছে পেলে, মাৰাডোনা, মেছী, ৰ’নাল্ডো৷ হয়, মেছী, ৰ’নাল্ডোৰ দৰে সম্ভাৱনাপূৰ্ণ ফুটবল খেলুৱৈ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ গাঁৱে-ভূঞে থকাৰ প্ৰমাণ কৰিলে চন্দন বড়ো, মাধুৰ্য আৰু পাৰ্থিৱসুন্দৰ গগৈয়ে৷

তিনিওগৰাকী ফুটবল খেলুৱৈৰ এগৰাকীয়ে টাটা ট্ৰাষ্ট আৰু ইউ ড্ৰিমৰ উদ্যোগত জাৰ্মানীত প্ৰশিক্ষণ লোৱাৰ সুবিধা পোৱাৰ লগতে আনগৰাকীয়ে জাৰ্মানীত পোন্ধৰ বছৰ অনূৰ্ধ্ব ফুটবল টুৰ্নামেন্টত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে৷ তাহানিৰ টি আও, গিলবাৰ্টচন চাংমা, বাবুল ফুকন, জুৱেল বে’ আদিয়ে জকাইচুকৰ পৰা ওলাই আহি ৰাষ্ট্ৰীয় ফুটবল জগতত দপদপাই থকাই নহয়, ভাৰতীয় ফুটবল দলৰ অধিনায়কৰ দায়িত্ব পৰ্যন্ত লৈছিল।

উত্তৰ-পূৰ্বাঞ্চলৰে এখন ৰাজ্য ছিকিমৰ পৰা বাইচুং ভূটীয়াও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছিল৷ শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ পৰা সুদূৰ জাৰ্মানীত পোন্ধৰ বছৰ অনূৰ্ধ্ব ফুটবল টুৰ্নামেণ্টত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে ঐতিহাসিক শিৱসাগৰ জিলাৰ শিমলুগুৰি গড়গাঁও খনিকৰগাঁৱৰ পৱন গগৈ আৰু শুভা গগৈৰ কনিষ্ঠ পুত্ৰ পাৰ্থিৱসুন্দৰ গগৈয়ে।

তেওঁ বৰ্তমান বাংগালুৰুৰ এখন বিদ্যালয়ত নৱম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি আছে। পাৰ্থিৱসুন্দৰ গগৈৰ পিতৃ নাজিৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপকৰ লগতে গড়গাঁও ফুটবল ক'চিং চেন্টাৰৰ সাধাৰণ সম্পাদক। এতিয়ালৈকে কোনো বিশেষ চৰকাৰী সা-সুবিধা লাভ কৰা নাই বুলি জানিবলৈ দিছে পাৰ্থিৱৰ পিতৃয়ে। অনাগত দিনসমূহত এই ক্ষেত্ৰখনত পাৰ্থিৱে সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।