newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰা বুলি অভিযোগ কৰাৰ ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে। পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ পৰা কিশোৰীক অপহৰণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হয়। 

জানিব পৰা মতে, জেৰিকীন্দেঙৰ পৰা বাছেৰে জেংখাৰলৈ অহাৰ পিছতে ১৫ বছৰীয়া কিশোৰীগৰাকীক অপহৰণৰ চেষ্টা কৰে এগৰাকী যুৱকে। নিজৰ বৌৱেকৰ সৈতে বাছৰ পৰা নমাৰ পিছতে এই ঘটনা সংঘটিত হয়।

ইতিমধ্যে সন্দেহজনক অপহৰণকাৰী মহম্মদ ছাহ মিলালক ৰাইজে আবদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। অভিযুক্ত যুৱকৰ বিৰুদ্ধে খেৰণি থানাত ভাৰতীয় দণ্ড বিধিৰ 92/18U/S 363/366/511/34 নম্বৰত গোচৰ ৰুজু কৰি যুৱকক সোধ-পোছ অব্যাহত ৰাখিছে। কাৰ্বি ছাত্ৰ সন্থা আৰু গোর্খা ছাত্ৰ সন্থাই যুৱকৰ বিৰুদ্ধে উচিত তদন্ত কৰি শাস্তি বিহিবলৈ দাবী জনায়।

 পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত জেংখাত ২৮ জুলাইত পুৱা জেৰিকীন্দেঙৰ পৰা জেংখা আহিছিল অষ্টম শ্ৰেণীৰ অধ্যয়নৰত ১৫ বছৰীয়া কিশোৰীগৰাকীয়ে। লগত আছিল নিজৰ বৌৱেক। জেংখাত বাছৰ পৰা নমাৰ লগে লগেই যুৱকজনে কিশোৰীক নিজৰ দুচকীয়া বাহনত বহুৱাই লৈ যাব বিচাৰে। 

তেনে অৱস্থাত কিশোৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱকৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয়। ইয়াৰ পাছতে প্ৰত্যক্ষদৰ্শীৰ সন্দেহ ওপজাত যুৱকজনক আৱদ্ধ কৰি আৰক্ষীক গতাই দিয়ে। আটকাধীন যুৱকজন হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহোৱা গাঁৱৰ মহম্মদ চাহ মিলাল(২০) বুলি চিনাক্ত কৰা হৈছে।