NewsNextOne@নলবাৰীঃ 
নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ নলবাৰী উন্নয়ণ খণ্ডৰ অধীনৰ জাপাৰকুছি আৰু পূৱ বতাহগিলা অঞ্চলত সোমবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দুটাকৈ গৃহ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।

জাপাৰকুছিৰ অশোক বৰ্মনৰ গৃহটো আনুষ্ঠানিক ভাৱে মুকলি কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই। এই অনুষ্ঠানত পূৱ নলবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত বিডিঅ' মনোজ বৰ্মন, বিজেপি নেতা জয়ৰাম বৰ্মন, ভূপেন ডেকা, প্ৰণৱ কুমাৰ ডেকা সহ বহু ৰাইজ উপস্থিত থাকে।

গৃহটো মুকলি কৰি বিধায়ক কুমাৰ  শৰ্মাই প্ৰতিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ তথা পকী গৃহ নথকা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰাৰ কথা উল্লেখ কৰে ৷ ৰাইজক ধৰ্য্য ধৰিবলৈ কৈ বিগত সময়ৰ তুলনাত সম্প্ৰতি উন্নয়ণ-বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰে ৰাইজে উপকৃত হোৱা বুলিও দোহাৰে বিধায়কগৰাকীয়ে।

ইপিনে সোমবাৰে পাচঁ নং বতাহগিলা পঞ্চায়তৰ অন্তৰ্গত গৰেমাৰা গাওঁৰ বিনা কলিতাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটোও আনুষ্ঠানিক ভাৱে মুকলি কৰে বতাহগিলা মৌজাৰ মৌজাদাৰ বিভু কিংকৰ গোস্বামীয়ে৷ এই অনুষ্ঠানত নলবাৰী জিলা বিজেপিৰ সম্পাদিকা লতিকা ৰাজবংশী, বিজেপি নেতা কমলেশ্বৰ ৰাজবংশী, অঞ্জন তালুকদাৰ, কৈলাস কলিতা, গিৰিশ দাস, দীপক ৰাজবংশী, কিশোৰ ৰাজবংশী সহ বহুসংখ্যক ৰাইজ উপস্থিত থাকে।