newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াৰ আইভেটীত এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘নৰেন্দ্ৰ মোডীৰ সংবাদ’ত অংশ ল’বলৈ আহি নিৰাশ মনেৰে উভতিল ৰাইজ৷ শক্তি বিভাগৰ গাফিলতিৰ বাবেই বঞ্চিত হ’বলগীয়া হ’ল ৰাইজ৷ 

পুৱা ৯ বজাৰ পৰা আইভেটীৰ শ্ৰী মন্ত শংকৰদেৱ পুথিভৰালত প্ৰধান মন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ কথা পতাৰ বাবে সমবেত হৈছিল শতাধিক উৎসুক জনতা। প্ৰায় তিনি ঘণ্টা বোন্দাপৰ দিয়াৰ পিছতোঁ ৰাইজৰ লগত যোগাযোগ নহ’ল প্ৰধান মন্ত্ৰীৰ৷ 

বিদ্যুৎ সৰবৰাহ ব্যাহত হৈ থকাৰ বাবেই ৰাইজে মনৰ ভাব বিনিময় কৰাটো দুৰৰ কথাই দেখা নাপালে প্ৰধান মন্ত্ৰীৰ ছবি৷ আনকি বিভাগীয়ভাবে ‘মন কি বাত’ৰ বাবে উক্ত স্থানত প্ৰয়োজনীয় সকলো সা-সৰঞ্জাম লৈ এটা দল উপস্থিত হৈছিল যদিও ৰাইজৰ লগত সংযোগ কৰাব নোৱাৰিলে প্ৰধানমন্ত্ৰীক৷ 

যাক লৈ সৰ্বত্ৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বহু আশাৰে উক্ত স্থানত সমবেত লোকসকলৰ ভিতৰত শাৰীৰিকভাবে অক্ষম আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকেও উপস্থিত হৈছিল৷ যদিও বিফল মনেৰে উভতে সকলোৱ৷ আনকি আইভেটীৰ উক্ত স্থানৰ পৰা কিছু নিলগত আয়োজিত আন এটা এনে অনুষ্ঠানত স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই বিশেষ উদ্যোগ লয় যদিও আইভেটীৰ ৰাইজৰ ক্ষেত্ৰত কোনো তৎপৰতা নেদেখুৱালে বিধায়িকাগৰাকীয়ে৷ 

যাক লৈ ৰাইজ অত্যন্ত ক্ষোভিত হৈ পৰে৷ ইফালে, জাজৰিৰ সমীপৰ মাজগাঁও অঞ্চলটো নেটৱৰ্ক সমস্যাৰ বাবে প্ৰধানমন্ত্ৰীৰ লগত সংযোগ নহ’ল জনতাৰ৷ কাজেই, দেশৰ প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ক্ৰান্ত হোৱা বুলি দাবী কৰি আহিছে যদিও অসমত মোডীৰ ডিজিটেল ক্ৰান্তিৰ অসমৰ বিষয়া-আমোলাই স্বৰূপটো উদঙাই দিয়ে৷ এনে এটা অনুষ্ঠান এনেদৰে ফ্ল’প শ্ব’ত পৰিণত হোৱাৰা ঘটনাই সচেতন মহলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷