newsnextone.com | বটদ্ৰৱাঃ জীৱ-জগতৰ কল্যাৰ্ণাথে হৰি-নাম ধ্বনিৰে নগাঁৱৰ সোনাইপাৰ গৌৰীনাথ মন্দিৰ প্ৰাংঙ্গনত ১১ আগষ্টৰ পৰা আৰম্ভ হোৱা শ্ৰীশ্ৰী ৰূদ্ৰ মহাযজ্ঞৰ মঙলবাৰে সামৰণি পৰে ৷ 

বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত জিলাখনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় পাঁচ সহস্ৰাধিক ভক্তপ্ৰান ৰাইজে অংশগ্ৰহণ কৰি এক সুন্দৰ আধ্যাত্মিক বাতাবৰণ সৃষ্টিৰে শ্ৰীশ্ৰী মহাদেৱক আৰাধনা কৰে ৷ 

সদাজাগ্ৰত মন্দিৰ হিচাপে পৰিচিত গৌৰীনাথ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত মহাভক্ত পদ্ম বৰাৰ সৌজন্যত আয়োজিত ১৬তম শাওনীয়া শ্ৰীশ্ৰী মহাশিৱ পূজাৰ প্ৰথম দিনাই শতাধিক মহিলাই শোভাযাত্ৰা কৰি দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান আকাশী গংগাৰ পৰা অনা পৱিত্ৰ জলাৰোহনেৰে কাৰ্যসূচীৰ আৰম্ভ হৈ সম্পূৰ্ণ  বৈদিক নীতি নিয়মৰ মাজেৰে মহাৰূদ্ৰ যজ্ঞভাগ সম্পন্ন হয় ৷

 অনুষ্ঠানৰ সমূহ কাৰ্যসূচীৰ সফল ৰূপায়নৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় সহযোগীতাৰ বাবে উদ্যোক্তাসকলে ভক্তপ্ৰান ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছে ৷