প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | মৰিগাওঁঃ বিদ্যুত সেৱা ব্যাহত হোৱাৰ বাবে অন্ধকাৰত ডুব যাব লগা হৈছে ৰাজ্যখনৰ এখন গাঁও। কিয়নো বিদ্যুতৰ কৰ্মচাৰীয়ে উৎকোচ নিদিলে নকৰে কাম। মৰিগাওঁ জিলাৰ জৰীবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বেচামাৰীডুবাৰ ৰাইজে উত্থাপন কৰিছে এই অভিযোগ। টকা নিদিয়াৰ ফলতেই মেৰামতি নকৰাৰ অভিযোগ উত্থাপন হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া সোণোৱাল চৰকাৰক ভেঙুচালি কৰি এই ঘটনা সংঘটিত কৰিছে বিদ্যুৎ বিভাগৰ কেইজনমান কৰ্মচাৰীয়ে।
মৰিগাওঁ জিলাৰ জৰীবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বেচামাৰীডুবাত প্ৰায় এক সপ্তাহ পূৰ্বে গাওঁখনৰ ট্ৰেন্সফৰ্মাৰটো বিকল হয়। ফলত গাওঁখনত বিদ্যুত সেৱা ব্যাহত হৈ পৰে। গাওঁবাসীয়ে এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক খবৰ দিয়াত বিদ্যুৎ বিভাগৰ কেইজনমান কৰ্মচাৰীয়ে ট্ৰেন্সফৰ্মাৰটো পৰীক্ষা কৰিবলৈ আহে।

কৰ্মচাৰীকেইজনে পৰীক্ষা-নিৰীক্ষা কৰি ট্ৰেন্সফৰ্মাৰটোৰ কেতবোৰ অংশ বিকল হোৱাৰ কথা উল্লেখ কৰি কিছু খৰচ পৰিব বুলি অঞ্চলটোৰ একাংশ লোকৰ আগত প্ৰ্কাশ কৰে। খৰচৰ পৰিমাণ পিছত জনোৱা হ’ব বুলিও কৰ্মচাৰীকেইজনে অৱগত কৰে। চাইদুল নামৰ কৰ্মচাৰীজনে মেৰামতিৰ বাবে তিনি হাজাৰ টকাৰ প্ৰয়োজন হ’ব বুলি গাওঁখনৰ একাংশ লোকক ফোনযোগে অৱগত কৰে।

চৰকাৰী কৰ্মচাৰীয়ে এনেদৰে নিজ কৰ্তব্য পালন কৰাৰ বাবে উৎকোচ বিচৰাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লাহৰীঘাট বিদ্যুত উপ-সংমণ্ডলত সংঘটিত এনে কাৰ্যৰ বিৰুদ্ধে অঞ্চলবাসী ক্ষোভিত হৈ পৰে। উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘদিনৰ বাবে বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে। এনে ঘটনাৰ আৰত ৰাজনৈতিক কাৰণ নিহিত আছে বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে।