গুৱাহাটীঃ মেখেলা-চাদৰ পিন্ধি মঙলবাৰে মহানগৰীত ৰেম্পত খোজ দিলে অসমীয়া গাভৰুৱে৷ পৰম্পৰাগত আ-অলংকাৰ আৰু সাজ-সজ্জাৰে ৰেম্পত খোজ দি চৰ্চা আৰম্ভ কৰিলে বিশ্ব জিনাৰ৷ মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান মৰ্ফে আয়োজন কৰা ফেশ্যন ইভেন্টত লয়লাস ভংগীমাত ব্যতিক্ৰমী ৰূপত দেখা গ'ল অসমীয়া ডেকা-গাভৰুক। 

সাংবাদিকতা, মডেলিং, বিউটিচিয়ান, কম্পিটাৰ শিক্ষা, ফটোগ্ৰাফী আদিকে ধৰি কেইবাটাও পাঠ্যক্ৰমৰ শিক্ষা দি অহা মৰ্ফে সোমবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ জিলা পুথিভৰালত ১৪ সংখ্যাক বৰ্ষপূৰ্তি পালন কৰে৷ বৰ্ষপূৰ্তি অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে এটি মেগা ফেশ্যন ইভেন্টৰ আয়োজন কৰে।

কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই উদ্ধোধন কৰা ফেশ্যন ইভেন্টত ৰাজ্যৰ কেইবাগৰাকী মডেলে অংশ লয়৷ মেগা ফেশ্যন ইভেন্টত মৰ্ফে ডিজাইন কৰা পুৰিষ-মহিলাৰ পোছাক পৰিধান কৰি কেইবাগৰাকী ন-পুৰণি মডেলে মঞ্চত খোজ দিয়ে৷

কেইবাগৰাকী মৰ্ফৰ মডেলৰ লগতে মেগা ইভেন্টত উপস্থিত থাকে Mrs United Nations-2017 খিতাপ বিজয়ী ৰশ্নি হাছান৷ আগশাৰীৰ মডেল ৰশ্নি হাছানৰ লয়লাস ভংগীমাই অনুষ্ঠানটি অধিক অাকৰ্ষণীয় কৰি তোলে। বৰ্ষপূৰ্তি অনুষ্ঠানত সংবাদ জগতত, ছবিজগতত তথা আন আন ঠাইত কৰ্মৰত সফল প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক মৰ্ফে সম্বৰ্ধনা জনায়।

গ্ৰাম্য অঞ্চল তথা চহৰ-নগৰৰ বহু ছাত্ৰ-ছাত্ৰীয়ে মৰ্ফত শিক্ষাগ্ৰহণ কৰি সফলতাৰে আগবাঢ়ি যোৱাত নিজকে সুখী বুলি অনুভৱ ব্যক্ত কৰে মৰ্ফৰ স্বত্বাধিকাৰী মনালিছা দাস মেধিয়ে। উল্লেখ্য যে, ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীসকলৰ মাজত ন আশাৰ সঞ্চাৰ কঢ়িয়াই অনা এইখন বৃত্তিমুখী শিক্ষানুষ্ঠান ২০০৩ চনত স্থাপিত হৈছিল।