ডিব্ৰুগড়ঃ ছাত্ৰ তথা জাতীয় সংগঠনৰ বিবৃতিয়ে খলকনি লগাইছে উজনি অসমত৷ জাতীয় সংগঠন উপদেষ্টাৰ বিৰুদ্ধে জিলা সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি বিবৃতি দিয়া কাৰ্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সদৌ অসম মটক ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক বিবৃতি যোগে প্ৰাক্তন উপদেষ্টা দলিল চেতিয়াৰ বিৰুদ্ধে নীতিবহিৰ্ভূত ভাৱে দান-বৰঙণি তথা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে৷

ডিব্ৰুগড় জিলা সমিতিয়ে উপদেষ্টাগৰাকীৰ এই কাৰ্য দৃষ্টিগোচৰ হোৱা বুলি বিবৃতি যোগে অৱগত কৰে সদৌ অসম মটক ছাত্র-সন্থাৰ কেন্দ্ৰীয় সমিতিক। সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জিন্তু বৰুৱাই সংগঠনৰ গৰিমাত আঘাত হনাত আমি দুখ প্ৰকাশ কৰিছো বুলি কয় বিবৃতি যোগে।

ডিব্ৰুগড় জিলা সমিতিয়ে ভৱিষ্যতে প্ৰাক্তন উপদেষ্টাগৰাকীক এনে কাৰ্যৰপৰা বিৰত থাকিবলৈও সকীয়াই দিয়ে৷ কেন্দ্ৰীয় সমিতিৰ উদ্দেশ্য সাংবাদিকলৈ প্ৰেৰণ কৰা বিবৃতিত প্ৰকাশৰ পিছত উপদেষ্টাৰ বিৰুদ্ধে  ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া লক্ষণীয় হ’ব৷ আনহাতে সংগঠনটোৰ প্ৰাক্তন উপদেষ্টা দলিল চেতিয়াই ধন সংগ্ৰহৰ অভিযোগ সন্দৰ্ভত এতিয়ালৈ মুখ খোলা নাই৷