newsnextone.com | মোৰাঝাৰঃ যোৱা ১২ ঘণ্টাত লাহে লাহে বানৰ প্ৰলয় কমিছে৷ তথাপি নিজৰ হেপাঁহৰ ঘৰখন এৰি এতিয়াও বহু লোকে আশ্ৰয় লব লগা হৈ আছে আশ্ৰয় শিবিৰত৷ এমুঠি ভাতৰ বাবে, এটুপি খোৱাপানীৰ বাবে আৰু এখন বস্ত্ৰৰ বাবে এতিয়া বানাক্ৰান্তৰ মাজত হাহাকাৰ৷ চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণো সীমিত৷

বানত জুৰুলা অসমৰ হাজাৰ হাজাৰ লোক এতিয়া ভোকত জুৰুলা৷ ভোক নামৰ পিশাচটোৰ বিৰুদ্ধে থিয় হব পৰাকৈ মঙলবাৰে বানবিধ্বস্ত 
হোজাই জিলাৰ মোৰাঝাৰ ক্ৰীড়া সন্থাই যমুনামূখ সমষ্টিৰ যমুনামূখ, চাৰ্লক, পূৱ বগুৰি, নিগাৰিমূখ আদিত বানাক্ৰান্ত অঞ্চলত সাহায্য বিতৰণ কৰে৷

ৰাজ্যৰ কেইবাখনো জিলা বানৰ কৱলত পৰাত কেইবা লাখ লোকে গৃহহাৰা হ’বলগীয়া হয়৷ শিবিৰত থকা লোকসকলে খাদ্যৰ সংকটত পৰা অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰে পৰ্যাপ্ত সহায় নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে একাংশ স্বেচ্ছাসেৱী অনুষ্ঠানে বানাক্ৰান্তক সহায় কৰাৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে৷

বানাক্ৰান্ত পৰিয়ালৰ মাজত চাউল, ডাইল, চিৰা, বিস্কুট, মমবাতি আদি বিতৰণ কৰে মোৰাঝাৰ ক্ৰীড়া সন্থাও৷ বান সাহায্য বিতৰণ কাৰ্যসূচীত সন্থাৰ সহ সম্পাদক ছাদিকুজ জামান, পথাৰ সম্পাদক শ্বাহনেৱাজ মঞ্জুৰ হুচেইন, স্থানীয় যুৱক হালিম উদ্দিন, মিনহাজ আহমেদ আৰু দিলৱাৰ হুচেইনে অংশ লয়৷

স্থানীয় ৰাইজে ক্ৰীড়া সন্থাৰ শলাগ লয়৷ ৰাইজে বিধায়ক আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি বিধায়কে কৰবাত নিচা সেৱন  কৰি বহি আছে বুলি কৈ আমাক গুৰুত্ব দিয়া নাই বুলি কয়৷