ডিজিটেল ডেস্কঃ ম্যানমাৰত মায়েকৰ পৰা য়াংগুন অভিমুখী সেনাবাহিনীৰ পৰিয়াল কঢ়িওৱা এখন বিমান বুধাবাৰে আবেলিৰেপৰা সন্ধানহীন হৈ থকাৰ পিছতে সাগৰৰ বুকুত পোৱা গ’ল বিমানখনৰ ভগ্নাৱশেষ। ডাৱেই চহৰৰ পাৰ ২১৮ কি.মি. দুৰত্বত বিমানখনৰ অৱশেষ পোৱা বুলি মায়েক চহৰৰ পৰ্যটন বিভাগৰ কৰ্মী নাইন লিন জাঁৱে জনায়।

১০০ জনৰো অধিক জোৱান আৰু জোৱানৰ পৰিয়াল তথা শিশু কঢ়িয়াই অনা বিমানখন বুধবাৰে মায়েকৰ পৰা এঘণ্টাৰ বাটৰ উৰণতেই এয়াৰ ট্ৰেফিক কণ্ট্ৰোলাৰৰ সৈতে ১ বাজি ৩৫ মিনিটত সংযোগ বিচ্ছিন্ন হয়।

এনেদৰে মাজ আকাশত বিমানখন যাত্ৰীসহ নিশ্চিহ্ন হৈ যোৱাৰ পিছতে হুৱা-দুৱা লাগে ম্যানমাৰৰ গৃহ মন্ত্ৰালয়ত। 


লগে লগে মোতায়েন কৰা হয় বৃহৎ সংখ্যক নৌবাহিনীৰ দল। নৌবাহিনী আৰু বায়ুসেনাৰ ভালেকেইখন জাহাজ-বিমানেৰে বৰ্তমানো সন্ধান অব্যাহত ৰখাৰ বাতৰি পোৱা গৈছে। 

অৱশ্যে ভগ্নাৱশেষত কি পোৱা গৈছে সেই সন্দৰ্ভত এই পৰ্যন্ত সদৰী কৰিব পৰা নাযায় বুলি সেনা বাহিনীৰ এগৰাকী মুখপাত্ৰই মন্তব্য কৰিছে। বিমানখনত কিমান যাত্ৰী আছিল সেই সম্পৰ্কত এতিয়াও নিশ্চিত তথ্য সদৰী কৰা হোৱা নাই।

সেনা মুৰব্বীৰ দপ্তৰে জনোৱা মতে বিমানখনত সেনাৰ জোৱানৰ সৈতে মহিলা আৰু শিশুসহ মুঠ ১০৬ জন যাত্ৰী আছিল। তাৰ লগতে ক্ৰু মেম্বাৰ আছিল ১৪ জন।

যাত্ৰীসকলৰ বহুতেই চিকিৎসাৰ বাবে দক্ষিণাঞ্চলৰ মায়েক চহৰখনলৈ আহিছিল। ম্যানমাৰৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ য়াংগুনৰপৰা এই ঘটনাত স্বাভাবিকতে উদ্বিগ্নতা বিৰাজ কৰিছে সমগ্ৰ দেশখনত।