newsnextone.com | শিৱসাগৰঃ চুবুৰীয়া ৰাজ্য নগালেণ্ডত অসমৰে যুৱক-মহিলাই লগলাগি এগৰাকী অসমৰ যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শনিবাৰে নিশা নগালেণ্ডত শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ হালোৱাটিং কপাহতলি মিছিং গাঁৱৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

গাঁওখনৰ মনজয় পাংগিঙৰ পুত্ৰ ৰাতুল পাংগিঙক নিশা প্রায় ১১ বজাত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ৮ মাইলক ভেনিয়াৰ ফেক্টৰীত নৃশংস ভাবে হত্যা কৰা বুলি জানিব পৰা যায়। এই ঘটনাই সীমান্তৱৰ্তী অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

নগালেণ্ডৰ তুলী আৰক্ষী থানাৰ অন্তৰ্গত ৮ মাইলৰ এটা ভেনিয়াৰ ফেক্টৰীত কৰ্মৰত ২৫ বছৰীয়া ৰাতুলক ফেক্টৰী চৌহদতে ত্ৰিদিপ কোঁচ আৰু মুনু সোণোৱাল গগৈ নামৰ এগৰাকী মহিলাই চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালে। 

জানিব পৰা মতে, বিগত চাৰি বছৰে নগালেণ্ডৰ ৮ মাইলৰ এটা ভেনিয়াৰ ফেক্টৰীত কাম কৰি থকা ৰাতুল পাংগিঙে বাস কৰা একেটা চৌহদতে থকা আমগুৰিৰ নগৰৰ বিধবা মহিলাগৰাকী থাকে। ত্ৰিদিপ কোঁচৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল বুলি অভিযোগ উত্থাপন হয়। ফলত ফেক্টৰীটোৰ পৰিচালক তথা কৰ্মচাৰীসকলে ত্ৰিদিপক ফেক্টৰী চৌহদত প্ৰৱেশত বাধা আৰোপ কৰি থৈছিল। শনিবাৰে নিশা ত্ৰিদিপে সংগোপনে মহিলাগৰাকীৰ ওচৰলৈ যাওঁতে একেটা চৌহদতে থকা ৰাতুলৰ সৈতে তৰ্কাতৰ্কি হয় আৰু বিধবা মহিলাগৰাকীয়ে যোগান ধৰা অস্ত্ৰৰে ত্ৰিদিপ কোঁঁচে ৰাতুল পাংগিক ডিঙি কাটি হত্যা কৰে। 

পৰৱৰ্তী সময়ত তুলি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰে যদিও আৰক্ষী উপস্থিত হোৱাৰ পূর্বেই ত্ৰিদিপ কোঁচ আৰু বিধবা মহিলাগৰাকীয়ে পলায়ন কৰে। ৰাতুল পাংগিয়ে এটা ৭ বছৰীয়া পুত্ৰ সন্তানসহ পত্নীক ইহ-সংসাৰত এৰি থৈ যায়। ইফালে, অসম-নগালেণ্ড সীমান্তৰ কপাতলি মিচিং গাঁৱত এক চেপা উত্তেজনাই বিৰাজ কৰিছে ।