নগাঁওঃ নগাঁও জিলাৰ ৰূপহীহাট ৰে'ল ষ্টেচনৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ কলংপাৰ এক্সপ্ৰেছ  ট্ৰেইনৰ চেপাত মৃত্যু লোকজনৰ৷ মৃতদেহটোৰ শৰীৰৰ বিছিন্ন অৱস্থালৈ চাই লোকজনক কোনো লোকে হত্যা কৰি ট্ৰেইনৰ তলত পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰিছে৷