নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ ডিমৌ চাৰিআলিৰ উমাৰাম কাকতি নাট্যচ’ৰাত বিগত বছৰবোৰৰ দৰেই এইবেলিও অহা ৬ মে’ত বিস্তৃত কাৰ্যসূচীৰে ডিমৌ চাৰিআলি আঞ্চলিক বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত বিহু উৎসৱ উদযাপন কৰা হ’ব৷ 

বিশিষ্ট সমাজকৰ্মী লক্ষীকান্ত ডেকাক সভাপতি আৰু চানু ডেকাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে ৷ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতেই জয়কৃষ্ণ ডেকা সোঁৱৰণী মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ প্ৰতিযোগিতা উদ্বোধন কৰিব প্ৰাক্তন ৰাজ্যিক খেলুৱৈ বিমল ডেকাই৷ 

পুৱা ১১ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু স্থানীয় শিল্পীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বিপৰীতে সন্ধ্যা ৭ বজাৰ পৰা মুকলি বিহু আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনৰ অন্তত নিশা ৮ বজাৰ পৰা সদৌ অসম ভিত্তিত বিহু কন্যা আৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷