নগাঁওঃ অসম সত্ৰ মহাসভাৰ ভিতৰচৰাত ক্ষোভৰ জুই জ্বলিব ধৰিছে ক্ৰমান্বয়ে৷ গুৱাহাটী মহানগৰ সমিতি, শোণিতপুৰ জিলা সমিতি আৰু বহু কাৰ্যনিৰ্বাহকে বৰ্তমানৰ নেতৃত্বক সলনি আৰু সভাপতি প্ৰধান সম্পাদকক শীঘ্ৰে পদবী এৰিবলৈ হুংকাৰ দিবলৈ আৰম্ভ কৰিছে৷ নিজ মই মতালিত কাম কৰা সভাপতি আৰু প্ৰধান সম্পাদকক শীঘ্ৰে পদ এৰবিলৈ এইবাৰ দাবী জনাইছে সত্ৰ মহাসভাৰ পশ্চিম নগাঁও জিলা সমিতিয়ে৷

অসম সত্ৰ মহাসভাৰ অন্তৰ্গত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাই শুকুৰবাৰে এখন জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। নগাঁও জিলাৰ জাজৰিস্থিত শৰাইঘাট থিয়েটাৰৰ অস্থায়ী সভা গৃহত অনুষ্ঠিত সভাত জিলা সমিতিৰ সভাপতি ঘনমোহন গোস্বামী, সম্পাদক মানিক বৰা সহ কেইবাগৰাকী লোক উপস্থিত থাকে৷ 

গুৰুত্বপূৰ্ণ সভাখনত অসম সত্ৰ মহাসভাৰ জ্যেষ্ঠ সদস্য, প্ৰাক্তন উপ-সভাপতি হেমচন্দ্ৰ তামুলী, প্ৰাক্তন সম্পাদক বুধিন মহন্তকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিষয়-ববীয়া, সদস্যই অংশ গ্ৰহণ কৰি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকে দিল্লীত অনুষ্ঠিত সংসদীয় সমিতিৰ শুনানিত অসমত হিন্দু নাগৰিকক সংস্থাপনৰ সমৰ্থন কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে৷

উক্ত কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অসম সত্ৰ মহাসভাৰ সভাপতি-প্ৰধান সম্পাদকক তৎকালে বহিষ্কাৰৰ দাবী উত্থাপন কৰে। অসমত কোনো কাৰণতেই  বিদেশীক ৰক্ষণাবেক্ষণ দিয়া কোনো বিষয়ক সত্ৰ মহাসভাই কোনো দিনেই সমৰ্থন নকৰে বুলি স্পষ্ট কৰে।

উল্লেখ্য যে, অসমৰ অন্যতম জাতীয় সংগঠন অসম সত্ৰ মহাসভাৰ একাংশ নেতৃত্বই সৰ্বপ্ৰথম মুকলিকৈ অসমত বাংলাদেশী সংস্থাপনৰ হৈ ওকালতি কৰি বিতৰ্কত সোমাই পৰিছে৷ দিল্লীত অনুষ্ঠিত সংসদীয় যুটীয়া সমিতিৰ বৈঠকত অংশ লৈ সত্ৰ মহা সভাই অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ সমৰ্থন কৰে৷ ইতিমধ্যে একাংশ বিতৰ্কিত সত্ৰাধিকাৰে এনে কাৰ্যক সমৰ্থন কৰা বুলি পূৰ্বৰ পৰাই ছচিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছিল৷ বিজেপি আৰু আৰএছএছক তোষামোদ কৰিব পাৰিলে নিজৰ সমস্ত হ’ব বুলি ধৰি জাতিৰ কথা পাহৰি গৈছে একাংশ লোকে৷

অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত থকাৰ মাজতে অসমৰ সত্ৰ মহাসভাৰ এনে কাণ্ডই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ৰাজ পথত প্ৰতিকৃতি দাহ কৰে৷ আছু, টাই আহোম যুৱ পৰিষদ, অনুসূচীত জাতি যুৱ পৰিষদ, নাগৰিকত্ব আইন সংশোধনী মঞ্চ, চিপিআই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি সংগঠনে সত্ৰ মহাসভাৰ একাংশ বিষয়-ববীয়াক ধিক্কাৰ দি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷