জয়ন্ত মুদৈ, নগাঁওঃ অসমীয়া বৰ্ষৰ সপ্তমটি মাহ কাতিক কঙালী বুলি অতীজৰেপৰা সকলোৱে কৈ আহিছে৷ গতিকে কঙালখ্যাত কাতিত প্ৰায়েই ভাবি-চিন্তি বা গমি-পিতিহে সকলোয়ে কৰ্ম সম্পাদন কৰে৷ অৰ্থাৎ কাতিত সাধাৰণতে সকলো ব্যক্তিয়েই মিতব্যয়ী হ’বলৈ আপ্ৰাণ চেষ্টা কৰা দেখা যায়৷
কিন্তু কঙালৰ দৰে এক সুকীয়া পৰিচয় থকা কাতিয়ে হ’লে অসমীয়া সমাজক লক্ষণীয়ভাৱে প্ৰদান কৰি আহিছে আন এক পৰিচয়৷ সেয়া হ’ল কাতিৰ কলাখাৰ৷ হয়, খাৰ খোৱা অসমীয়াৰ খাৰ প্ৰস্তুত কৰাৰ উত্তম মাহ এই কঙালী কাতি৷ প্ৰকাশ যে, অশুভ বুলি বহুতেই ভাবি অহা কাতি মাহতে উৎপাদন কৰা হয় অসমীয়াৰ অন্যতম খাদ্য সম্ভাৰ কলাখাৰ৷ অৱশ্যে প্ৰকৃতাৰ্থত এই কলাখাৰ প্ৰস্তুতকৰণৰ বাবে দৰকাৰ হোৱা ৰ’দৰ উত্তাপ কেৱল সম্ভৱপৰ হয় কাতি মাহতহে৷