জয়ন্ত মুদৈ, নগাঁওঃ অসমীয়া বৰ্ষৰ সপ্তমটি মাহ কাতিক কঙালী বুলি অতীজৰেপৰা সকলোৱে কৈ আহিছে৷ গতিকে কঙালখ্যাত কাতিত প্ৰায়েই ভাবি-চিন্তি বা গমি-পিতিহে সকলোয়ে কৰ্ম সম্পাদন কৰে৷ অৰ্থাৎ কাতিত সাধাৰণতে সকলো ব্যক্তিয়েই মিতব্যয়ী হ’বলৈ আপ্ৰাণ চেষ্টা কৰা দেখা যায়৷ 

কিন্তু কঙালৰ দৰে এক সুকীয়া পৰিচয় থকা কাতিয়ে হ’লে অসমীয়া সমাজক লক্ষণীয়ভাৱে প্ৰদান কৰি আহিছে আন এক পৰিচয়৷ সেয়া হ’ল কাতিৰ কলাখাৰ৷ হয়, খাৰ খোৱা অসমীয়াৰ খাৰ প্ৰস্তুত কৰাৰ উত্তম মাহ এই কঙালী কাতি৷ প্ৰকাশ যে, অশুভ বুলি বহুতেই ভাবি অহা কাতি মাহতে উৎপাদন কৰা হয় অসমীয়াৰ অন্যতম খাদ্য সম্ভাৰ কলাখাৰ৷ অৱশ্যে প্ৰকৃতাৰ্থত এই কলাখাৰ প্ৰস্তুতকৰণৰ বাবে দৰকাৰ হোৱা ৰ’দৰ উত্তাপ কেৱল সম্ভৱপৰ হয় কাতি মাহতহে৷ 

কলাখাৰৰ লুণীয়া গুণৰ কাৰণেই অসমীয়া সমাজত এই বিধ সামগ্ৰীৰ বিশেষভাৱে জনপ্ৰিয়তা আছে৷ সাধাৰণতে অসমীয়া সমাজৰ কলাখাৰৰ বাবে আন কলগছৰ তুলনাত আঠীয়াকলৰ খাৰহে অধিক উৎকৃষ্ট মানৰ হয়৷ সেয়ে, অসমীয়া ৰাইজে নিজৰ ঠাইত বা ঘৰত নাথাকিলেও অন্য ঠাইৰপৰা আঠীয়াকলৰ মধুনা বা বৌখা বিচাৰি আনি সেইবোৰ এটা নিৰ্দিষ্ট জোখত চিৰিলা-চিৰিলকৈ ফালি কাতিমহীয়া টিকটিকীয়া ৰ’দত শুকাবলৈ নিজৰ চোতালত নতুবা আন কোনো মুকলি ঠাইত মেলি দিয়ে৷ 

এইদৰে কেইদিনমান ৰ’দত ভালদৰে শুকুৱাৰ পাছত খৰখৰীয়া হ’লে এই মধুনা বা বৌখাবোৰ জুইত পুৰি লোৱা হয় আৰু এইবোৰ পুৰাৰ পাছত যিখিনি ছাই ওলায় তাৰপৰাই প্ৰস্তুত কৰা হয় অসমীয়াৰ কলাখাৰ৷ প্ৰসংগক্ৰমে কোৱাটো সমীচিন যে, গোটেই বছৰটোৰ কাৰণে সাঁচি ৰখা এই খাৰ আকৌ কাতি মাহৰ কৃষ্ণপক্ষতহে উৎপাদন কৰা হয় যদিও বৰ্তমানে বহুতেই শুক্লপক্ষটো উৎপাদন কৰা পৰিলক্ষিত হৈছে৷ অসমীয়াৰ বিশ্বাস যে শুক্লপক্ষতকৈ কৃষ্ণপক্ষত উংপাদিত কলাখাৰহে উৎকৃষ্ট৷ 

ইফালে, এনেদৰে প্ৰস্তুত কৰা কলাখাৰ মাহেকে-পষেকে গঞাৰাইজে মাটি দাইল নতুবা অন্য শাক-আঞ্জা আদিত সামান্য পৰিমাণে মহলি কৰি পৰিৱেশন কৰে৷ প্ৰণিধানযোগ্য যে, অসমীয়া নৱ-প্ৰজন্মৰ বাবে ‘খাৰ খোৱা অসমীয়া’ এক বদনামী অভিধা হ’লেও পুৰণিকালত কলগছৰ মধুনা বা বৌখাৰপৰা খাৰ উৎপাদন কৰাটো এক স্বাস্থ্যসন্মত প্ৰক্ৰিয়া বুলি অভিহীত হৈ আহিছে৷ বজাৰৰ কৃত্ৰিম খাৰৰ তুলনাত অসমীয়াৰ কলাখাৰৰ জনপ্ৰিয়তা অতীজতে যেনেদৰে আছিল এতিয়াও সেয়াও কিন্তু আজিৰ তাৰিখত হ্ৰাস পোৱা নাই৷ আনকি বিদেশলৈকো কলাখাৰ নি ইয়াৰ জুতি লোৱা কাৰ্য অসমীয়াৰ বাবে গৌৰৱৰ বিষয় হিচাপে চিহ্নিত হৈছে৷